লখিমপুৰ,১৫ এপ্রিল:ৰঙালী বিহুৰ এইহেন বতৰত সকলো আনন্দত মতলীয়া হোৱাৰ সময় ৷ পিছে বিহু বুলিলে হাতত দুটকামান নাথাকিলে কাৰ নো ভাল লাগে ৷ সেইয়ে এই সময়চোৱাতে এটা টকা ঘটাৰ বুদ্ধি পাঙিলে লখিমপুৰৰ এজন যুৱকে ৷ ৰাজ্যজুৰি ড্ৰাগছবিৰোধী অভিযান তীব্ৰতৰ হৈ থকাৰ সময়তে যুৱকজনে অৰুণাচলী লোকক ড্ৰাগছ বুলি দাইল আৰু বিস্কুট গুৰি বিক্ৰী কৰাৰ বুধি পাঙে (fake drug selling) ৷
পিছে বিনাশ কালে বিপৰীত বুদ্ধি বুলি কথা এষাৰ আছে নহয় সেয়াই হ’ল মধু বৰুৱা নামৰ যুৱকজনৰ সৈতেও ৷ ধৰাটো পৰিল পৰিলেই তাকো শহুৰেকৰ ঘৰত ।সচৰাচৰ শহুৰেকৰ ঘৰত জোঁৱায়েকৰ আছে এক সুকীয়া সন্মান । পিছে এইজনা জোঁৱাই মধু বৰুৱাৰ এতিয়া শহুৰেকৰ ঘৰত থকা সকলো সন্মান পানী হ’ল ৷ শহুৰৰ ঘৰত ঘৰ জোৱাই থাকি এই ব্যৱসায় চলাইছিল লখিমপুৰৰ বগীনদীৰ এই গৰাকী মধু বৰুৱাই ।
ড্ৰাগছ বুলি দাইল আৰু বিস্কুট গুৰি বিক্ৰী কৰিবলৈ যোৱা মধুৰ বিলৈ! ড্ৰাগছ বুলি ডাইল আৰু বিস্কুটৰ গুড়িৰে ঠগিব খোজোতেই সেয়া ড্ৰাগছ নহয় বুলি গম পালে অৰুণাচলী পেডলাৰে । বিগত কিছুদিন ধৰি এই গৰাকী মধুৱে হাৰমতিৰ পুৰণা হাটখোৱাত শহুৰেকৰ ঘৰত থাকি অসম-অৰুণাচল সীমান্তত গঢ়ি তুলিছিল ড্ৰাগছৰ বৃহৎ বজাৰ।
হাৰমতি আৰু লালুক আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ সন্দেহজনক হেৰ'ইন, কন্টেইনাৰ, কিছু নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ কৰে মধুক (Fake drugs seized) । পিছে কেমেৰাৰ সন্মুখত মধুৱে প্ৰকাশ কৰিলে দুখ- " পইছাৰ বৰ প্ৰয়োজন আছিল, পইছাটো ল’ব নোৱাৰিলো ৷ ডালি, বিস্কুটৰ গুড়ি বুলি গম পাই গ'ল।" স্বাভাৱিকতেই মধুৰ এই অৱস্থাই এতিয়া আমোদ দিছে অঞ্চলবাসীক ৷
লগতে পঢ়ক :সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা ৰীতি-নীতিৰে বৰপেটাত ব'হাগ বিহু উদযাপন