লখিমপুৰৰ, ১৭ মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰতো আৰম্ভ হৈছে বানৰ বিভীষিকা(Flood in Lakhimpur) । ৰঙানদীত নীপকোৱে প্ৰকল্পৰ পানী মেকোলাই দিয়াৰ পাচতেই জিলাখনত বানৰ সৃষ্টি হয় । যোৱা দুদিন ধৰি একেৰাহে পানী এৰি দিয়াৰ পাছত দেওবাৰে নিশা ছেকেণ্ডত এহেজাৰ ঘনমিটাৰ পৰ্যন্ত পানী এৰি দিয়ে নীপকোৱে ।
নীপকোৱে পানী এৰি দিয়াৰ সময়ত দুৰ্যোগৰ আশংকা কৰি নদী পৰীয়া ৰাইজক সতৰ্ক কৰিবলৈ ঘনে ঘনে চাইৰেণ বজায় । ধাৰাসাৰ বৰষুণৰ লগতে নীপকোৱে পানী এৰি দিয়াৰ ফলত ৰুদ্ৰ মূৰ্তি ধৰা ৰঙানদীয়ে নগৰখনৰ নামনিৰ দিশে পাঁচ খনকৈ কাঠ আৰু বাঁহৰ দলং উটুৱাই নিয়ে । পাঁচ নৈ সংযোগী দলং খনো যি কোনো মূহুর্তত উটুৱাই নিয়াৰ আশংকা কৰিছে ৰাইজে । নদী পৰীয়া বহু অঞ্চলত আৰম্ভ হৈছে বান সংকট ।