অসম

assam

ETV Bharat / state

Harassment of students in Lakhimpur: NHCৰ অভিযুক্ত প্ৰৱক্তাৰ পক্ষত থিয় দিলে প্ৰাক্তন শিক্ষাৰ্থী - Ex student of NLC Memorandum to SP

মঙলবাৰে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ একাংশ প্ৰাক্তন ছাত্র ছাত্রীয়ে মহাবিদ্যালয়খনৰ শেহতীয়া ঘটনাৱলী সম্পর্কে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰক পত্র প্ৰদান কৰে । মহাবিদ্যালয়খনক ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত কৰিবলৈও তেওঁলোকে দাবী জনায়।

Ex student of NLC  Memorandum to SP
লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা গ্ৰেপ্তাৰ কাণ্ড

By

Published : Jul 25, 2023, 7:14 PM IST

লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা গ্ৰেপ্তাৰ কাণ্ড

লখিমপুৰ, ২৫ জুলাই: লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া অব্যাহত । উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র-ছাত্রীৰ জিলা আয়ুক্ত,আৰক্ষী অধীক্ষকক স্মাৰক পত্র প্ৰদান । শ্ৰেণী কক্ষত শিক্ষার্থীক শাৰীৰিক -মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা ড৹ হেমন্ত শৰ্মা জেললৈ যাব লগীয়া হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্র-ছাত্রীয়ে জনালে এই প্ৰতিবাদ ।

সোমবাৰে অভিযোগকাৰী একাংশ শিক্ষার্থীয়ে প্ৰৱক্তাগৰাকীৰ সপক্ষে আদালতলৈ যোৱাৰ পাছত মঙলবাৰেও একাংশ প্ৰাক্তন ছাত্র- ছাত্রীয়ে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰক পত্র প্ৰদান কৰে । প্ৰাক্তন ছাত্র-ছাত্রীসকলে প্ৰৱক্তা ড৹হেমন্ত শৰ্মা তেনে বেয়া চৰিত্ৰৰ নহয় বুলি উল্লেখ কৰি ন্যায়ৰ দাবী জনায় । তেওঁ এক গভীৰ ষড়যন্ত্রৰ বলি হোৱা বুলি উল্লেখ কৰি উচিত তদন্ত কৰি ষড়যন্ত্রকাৰী সকলক শাস্তি দিবলৈও তেওঁলোকে দাবী জনাইছে ।

আনহাতে,উত্তৰ লখিমপুৰ মহাবিদ্যালয়খন ৰাজনৈতিক মেৰপেচত সোমাই পৰা বুলিও তেওঁলোকে অভিযোগ উত্থাপন কৰিছে । মহাবিদ্যালয়খনৰ অধ্যক্ষয়ো ৰাজনৈতিক নেতাৰ শ্ৰুতলিপি মতে কাম কৰা বুলি অভিযোগ তুলি তেওঁলোকে মহাবিদ্যালয়খনক ৰাজনৈতিক ছত্ৰছায়াৰ পৰা মুক্ত কৰিবলৈও দাবী জনায় ।

উল্লেখ্য যে, প্ৰৱক্তাগৰাকীয়ে দীৰ্ঘদিন ধৰি মদ্যপান কৰি পাঠদান কৰি আহিছিল বুলি একাংশ ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ উত্থাপন কৰিছিল ৷ পাঠদান কৰাৰ নামত শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীক দীৰ্ঘদিন ধৰি শাৰীৰিক,মানসিক আতিশয্য চলোৱা বুলি অসমীয়া বিভাগৰ ৫৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ তুলিছিল ৷ মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ সহকাৰী প্ৰৱক্তা ড৹ হেমন্ত শৰ্মাই শ্ৰেণীত মদ্যপান কৰি শিক্ষার্থীক শাৰিৰীক মানসিক আতিশয্য চলোৱাৰ অভিযোগ তুলি ৫৮ গৰাকী শিক্ষার্থীয়ে অধ্যক্ষক অভিযোগ দাখিল কৰাৰ পাচত অধ্যক্ষই জিলা আয়ুক্ত আৰু জিলাৰ আৰক্ষী অধীক্ষকক ঘটনা সন্দৰ্ভত লিখিতভাৱে অৱগত কৰিছিল । ইয়াৰ পিচতেই প্ৰৱক্তাগৰাকীৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত 354/354 (A) 506/509 ধাৰাত 275/23 নম্বৰত গোচৰ ৰুজু হৈছিল ।

লগতে পঢ়ক:Harassment of students: ‘‘গাত দোষ নাই; বলি হ’ল গভীৰ ষড়যন্ত্ৰৰ’’; গ্ৰেপ্তাৰৰ পিচত মন্তব্য হেমন্ত শৰ্মাৰ

ABOUT THE AUTHOR

...view details