লখিমপুৰ, 10 জানুৱাৰী: দীর্ঘদিন ধৰি বনাঞ্চলসমূহত চলি আছে বেদখল (Encroachments at forest areas)। লখিমপুৰ জিলাৰ পাঁচখন সংৰক্ষিত বনাঞ্চলৰ ভিতৰত পাভ সংৰক্ষিত বনাঞ্চল (Pabha Reserved Forest) সৰ্বাধিক বেদখলকাৰীৰ কবলত পৰা বুলি চৰ্চা চলি অহাৰ পিছতে জিলা প্ৰশাসনে 10 জানুৱাৰীত বনাঞ্চলখনত উচ্ছেদ অভিযান চলোৱাৰ নিৰ্দেশনা দিছিল (Eviction drive at Pabha Reserved Forest ) ৷ মঙলবাৰে বিয়লি 4 বজাত পাভ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ অভিযানৰ প্ৰথমটো দিনৰ অন্ত পৰে ৷
মঙলবাৰে পুৱাৰে পৰা জিলা প্ৰশাসনৰ নিৰ্দেশনা মৰ্মে বনাঞ্চলখনৰ আধা এলেকাত আৰক্ষীৰ দলে উচ্ছেদ চলায় (Eviction drive at Pabha Reserved Forest) ৷ ইফালে আৰক্ষী বাহিনীয়ে কেইবাদিনৰ আগৰে পৰা উচ্ছেদ অভিযানৰ বাবে প্ৰস্তুতি কৰা দেখা পাই বেদখলকাৰীয়ে ঘৰ দুৱাৰ ভাঙি আঁতৰি যোৱাৰ বাবে অভিযানকাৰী দলে কেৱল ঘৰৰ ভেটি অথবা দুই এটা এৰি যোৱা খুটাহে ভাঙিবলগীয়া হয় । আনহাতে বেদখলকাৰীয়ে কৰা সৰিয়হ খেতি, বাৰীত ৰোৱা কল, তামোলৰ গছ আদি বিনষ্ট কৰি পেলায় উচ্ছেদকাৰী দলে ৷ ইয়াৰোপৰি মাছ পোহা পুখুৰী, সাাজি লোৱা পথ আদিও ধ্বংস কৰা হয়।
লক্ষ্যণীয়ভাৱে উচ্ছেদকাৰী দলে একো বাধাৰ সন্মুখীন নোহোৱাকৈ উচ্ছেদ কাৰ্য শান্তিপূৰ্ণভাৱে চলায় নিয়ে । বুধবাৰৰ দিনটোত অভয়াৰণ্যখনত পুনৰ চলিব এই উচ্ছেদ অভিযান ৷ আনহাতে বনাঞ্চলখনত চলা উচ্ছেদ অভিযানক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আমছুৱে এই উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি একপক্ষীয়ভাৱে সংখ্যালঘুৰ বিৰুদ্ধেহে এই উচ্ছেদ চলোৱা হৈছে বুলি কৈ উচ্ছেদিতসকলক খাদ্য আৰু আশ্রয়ৰ ব্যৱস্থা কৰাৰ উপৰিও পুনৰ সংস্থাপনৰ দিহা কৰাৰ দাবী জনাইছে ৷