লখিমপুৰ, 20 মে‘ : লক ডাউন চলি থকাৰ মাজতে ৰাজ্যত সংঘটিত হৈছে সাংবাদিকক আক্ৰমণৰ ঘটনা ৷ এইবাৰ ইটিভি ভাৰতৰ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ সাংবাদিক চাণক্য বৰুৱাক আক্ৰমণ কৰে শান্তনু কাশ্যপ বৰা নামৰ এজন লোকে । মঙলবাৰে নিশা নাৰায়ণপুৰ নগৰৰ মাজ মজিয়াত আক্ৰমণৰ বলি হয় সাংবাদিকগৰাকী ।
নাৰায়নপুৰত ইটিভি ভাৰতৰ সাংবাদিকক আক্ৰমণ - বিহপুৰীয়াৰ সাংবাদিক চাণক্য বৰুৱা
লখিমপুৰ জিলাৰ বিহপুৰীয়াত আক্ৰমণৰ বলি হোৱা সাংবাদিকগৰাকীৰ এজাহাৰৰ ভিত্তিত নাৰায়ণপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে অভিযুক্ত শান্তনু কাশ্যপ বৰাক ।
![নাৰায়নপুৰত ইটিভি ভাৰতৰ সাংবাদিকক আক্ৰমণ journalist-attacked-in-lakhimpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7273874-thumbnail-3x2-lkh.jpg)
লখিমপুত সাংবাদিকক আক্ৰমণৰ ঘটনা
লখিমপুত সাংবাদিকক আক্ৰমণৰ ঘটনা
শান্তনু কাশ্যপ বৰাৰ আক্ৰমণত চকু আৰু মুখত আঘাত পায় চাণক্য বৰুৱাই । আক্ৰমণৰ বলি হোৱা সাংবাদিকগৰাকীৰ এজাহাৰৰ ভিত্তিত নাৰায়ণপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে অভিযুক্ত শান্তনু কাশ্যপ বৰাক । বাতৰি সংগ্ৰহ কৰি ঘৰলৈ উভতি অহাৰ সময়ত সাংবাদিক গৰাকীক আক্ৰমণ কৰিছিল অভিযুক্ত লোকজনে । সাংবাদিকক আক্ৰমণৰ এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা জনোৱাৰ লগতে সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনাইছে নাৰায়নপুৰৰ সংবাদকৰ্মী সকলে ৷
লগতে পঢ়ক : দিহিং পাটকাইত হাত নিদিব: আলফা স্বাধীন