লখিমপুৰ, 29 জানুৱাৰী:ৰঙানদীৰ 20 কোটিটকীয়া ৰিংবান্ধ বালিভৰ্তি বস্তাৰে নিৰ্মান কৰাৰ লৈ প্ৰতিবাদমুখৰ হৈ পৰিছে লখিমপুৰ (Sand embankment on Ranganadi river) ৷ শনিবাৰে লখিমপুৰ নগৰৰ সমীপৰ পহুমৰা এলেকাত ৰঙানদীত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (AJYCP protest in Lakhimpur)।
উল্লেখ্য লখিমপুৰৰ পহুমৰাৰ সমীপত পথৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰঙানদীৰ বুকুত বালিৰে বান্ধ নিৰ্মান কৰাৰ সন্দৰ্ভত ইটিভি ভাৰতত প্ৰকাশ পাইছিল প্ৰতিবেদন ৷ বাতৰি প্ৰচাৰৰ লগেলগে তৎপৰ হৈ পৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতি । পৰিষদৰ একাংশ বিষয়ববীয়া আৰু সদস্যই নিৰ্মীয়মান বান্ধটো পৰিদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
লখিমপুৰৰ ৰঙানদীৰ নিৰ্মান কৰা বালিৰ বান্ধৰ বিৰুদ্ধে প্ৰতিবাদ পৰিষদৰ নেতৃত্বই ক্ষোভ উজাৰি কয় যে, লখিমপুৰত বালি ধেমালি খেলিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । বালি ধেমালিৰে জনজীৱন বিপন্ন কৰিব খোজা হৈছে । যিখন নদীত ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত বাৰিষা কালত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় সেইখন নদীত বালিৰে ভেঁটা দি বালি ধেমালি খেলিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু নিৰ্মাণকাৰী সংস্থাই । তৎকালীনভাৱে এই বালি ধেমালি বন্ধ কৰাৰ দাবী জনাই বিজ্ঞান সন্মতভাৱে বান্ধটো নিৰ্মাণৰ ব্যবস্থা নোলোৱা পৰ্যন্ত কাম বন্ধ ৰখাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।
ৰাইজক আশ্বস্ত কৰিব নোৱাৰা পৰ্যন্ত কাম বন্ধ ৰখাৰ দাবী জনোৱাৰ লগতে লখিমপুৰক বচোৱাৰ স্বাৰ্থত এনে কাৰ্যৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ কৰা হ’ব বুলি প্ৰতিবাদকাৰী সকলে সকীয়াই দিয়ে । যুৱ ছাত্ৰ পৰিষদৰ এই হুংকাৰৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ অথবা নিৰ্মাণকাৰী কোম্পানীয়ে কেনে ব্যবস্থা গ্ৰহণ কৰে সেইয়া লক্ষ্যণীয় হ’ব ।
লগতে পঢ়ক:ETV Bharat Impact: তিনিচুকীয়া জিলা প্ৰশাসনে তলা লগালে লালিগুৰৰ গুদামত