লখিমপুৰ, ২৯ আগষ্ট: লখিমপুৰ জিলাত সোৱণশিৰিৰ প্ৰৱল খহনীয়া অব্য়াহত আছে । এই প্ৰৱল খহনীয়াৰ ফলত উচন হৈছে বহুতো পৰিয়ালৰ ঘৰ-বাৰী । জিলাখনৰ বিস্তীৰ্ণ এলেকাৰ শস্য ক্ষেত্র জাহ গৈছে নদীৰ বুকুত । দুৰ্দশাই যেন লগ এৰা দিয়া নাই লখিমপুৰবাসীক । লখিমপুৰৰ বধাকৰাত মথাউৰিৰ প্ৰতি ভাবুকি কঢ়িয়াইছে সোৱণশিৰিয়ে । সেইবাবে শংকিত হৈছে নৈপৰীয়া ৰাইজ । ৰাইজে বাৰম্বাৰ মথাউৰিটোৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছে যদিও জনপ্ৰতিনিধিয়ে ব্য়ৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে ।
ৰাজ্যৰ চৌদিশে বানৰ প্ৰকোপৰ সমানে খহনীয়ায়ো সৃষ্টি কৰিছে উপৰ্যুপৰি দুৰ্যোগ । পুনৰ বানৰ কবলত পৰা জিলাখন বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে । পথ, সুৰক্ষা বান্ধ আদিৰ ক্ষতি হোৱাৰ সমানে মথাউৰিৰ প্ৰতিও ভাবুকি আনিছে কেইবাখনো নৈয়ে । জিলাখনৰ আন কেবাখনো নৈৰ লগতে সোৱণশিৰিয়েও কেইবাঠাইতো মথাউৰিৰ প্ৰতি ভাবুকি আনিছে । বিশেষকৈ নগৰৰ সমীপত বধাকৰা অঞ্চলত নৈখন আগুৱাই আহি মথাউৰিত খুন্দিয়াইছে ।