অসম

assam

ETV Bharat / state

Massive erosion in Lakhimpur: লখিমপুৰত সোৱণশিৰিৰ প্ৰৱল খহনীয়া - Erosion in Lakhimpur

দশকৰ পাছত দশক ধৰি উপৰ্যুপৰি প্ৰাকৃতিক দুৰ্যোগত কোঙা হৈ আহিছে লখিমপুৰ জিলা । বিশেষকৈ বান আৰু খহনীয়াই জিলাখনৰ উন্নয়ন ব্যাহত জন্মাইছে (Erosion terror in Lakhimpur)। বাৰিষা কালত বান আৰু খৰালিত খহনীয়াই ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰিছে । এইবাৰ সোৱণশিৰিৰ খহনীয়াত আতংকিত ৰাইজ ।

Erosion of Subansiri River
সোৱণশিৰিৰ প্ৰৱল খহনীয়াৰ আতংক

By

Published : May 8, 2023, 12:15 PM IST

সোৱণশিৰিৰ প্ৰৱল খহনীয়াৰ আতংক

লখিমপুৰ, ৮ মে': লখিমপুৰত সোৱণশিৰিৰ প্ৰৱল খহনীয়া অব্য়াহত (Erosion in Lakhimpur)। উচন হৈছে বহু পৰিয়ালৰ ঘৰ-বাৰী। বিস্তীৰ্ণ এলেকাৰ শস্য ক্ষেত্র জাহ গ'ল নদীৰ বুকুত। দুৰ্দশাই যেন লগ নেৰে লখিমপুৰ জিলাক। প্ৰাকৃতিক দুৰ্যোগত বছৰি জিলাখন বিস্তৰ ক্ষয় ক্ষতিৰ সন্মুখীন হৈ থাকিব লগীয়া হৈছে । বাৰিষা বানে গৰকি যোৱা জিলাখনত খৰালি আকৌ খহনীয়াৰ তাণ্ডব । এক কথাত কবলৈ গ'লে বাৰিষা-খৰালি সমানে প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত হৈ আহিছে লখিমপুৰ জিলা। ছমাহ বান, ছমাহ খহনীয়াৰ কবলত থকা জিলাখনৰ উন্নয়নত গতিৰোধক হৈ আহিছে এনে প্ৰাকৃতিক দুৰ্যোগ ।

শেহতীয়াকৈ প্ৰৱল খহনীয়াৰ তাণ্ডব সৃষ্টি কৰিছে সোৱণশিৰি নদীয়ে (Erosion of Subansiri River)। নদীখনে বধাকৰাৰ দুই নং হৰিদাস অঞ্চলত তীব্র খহনীয়াৰ সৃষ্টি কৰি বহু পৰিয়ালৰ ঘৰ বাৰী উচন কৰিছে । খহনীয়াৰ ফলত বিস্তীৰ্ণ এলেকাৰ শস্য ক্ষেত্র নদীৰ গৰ্ভত জাহ গৈছে । এতিয়া নদীৰ গৰ্ভত ঘৰ -বাৰী, শস্য ক্ষেত্র হেৰুৱাই অঘৰী হোৱা পৰিয়াল সমূহে দিন হাজিৰা কৰি পেটৰ ভোক গুচাব লগীয়া হৈছে ।

উল্লেখ্য যে মঘুৱাচুকৰ পৰা কলাখোৱা পৰ্যন্ত এক বিস্তীৰ্ণ এলেকাত নদীখনে খহনীয়াৰ সৃষ্টি কৰি মথাউৰিৰ দিশে আগুৱাই আহিছে । মথাউৰিৰ দিশে থকা দৰ্গে গাঁৱৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ উপৰি মথাউৰিটোৰ সুৰক্ষাৰ প্ৰশ্নও উত্থাপন হৈছে । স্থানীয় লোকে এই প্ৰসমগত কয় যে সমাগত বাৰিষাত নদীখনে এই অংশত মথাউৰিটো স্পৰ্শ কৰিব । নদীখনে কেনেবাকৈ মথাউৰিটো খহাব লাগিলে বিশাল অঞ্চলটো বানৰ কবলত পৰাৰ উপৰি লখিমপুৰ নগৰ পৰ্যন্ত সংকট নামি আহিব । এনে এক ভয়ংকৰ দুৰ্যোগে উকমুকনি দিছে যদিও জলসম্পদ বিভাগ নাইবা চৰকাৰে উদাসীন মনোভাবহে প্ৰকাশ কৰিছে ।

এই অঞ্চলত খহনীয়া প্ৰতিৰোধ কৰাৰ লগতে মথাউৰিটোৰ সুৰক্ষিত কৰিবলৈ বিভাগে কোনো ব্যবস্থা গ্রহণ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । যাৰ বাবে সমাগত বাৰিষাত এই অঞ্চলটো ভয়ংকৰ দুৰ্যোগৰ মুখলৈ আগুৱাই গৈ আছে । স্থানীয় ৰাইজে উল্লেখ কৰা মতে,যোৱা বাৰিষাত এই অংশত খহনীয়া প্ৰতিৰোধৰ নামত বিভাগে বাঁহৰ পাৰ্কুপাইনেৰে এক ভেকোভাওনা কৰিছিল । তাৰ পিছৰ পৰা খহনীয়া প্ৰতিৰোধৰ কোনো ব্যবস্থা গ্রহণ কৰা নাই । বাৰিষা বান অথবা খহনীয়া প্ৰতিৰোধৰ নামত বিভাগে মুনাফা আদায় কৰে বুলি নৈপৰীয়া ক্ষুব্ধ ৰাইজে মন্তব্য় কৰি সোৱণশিৰি নদীখন এতিয়া বিভাগ বা ঠিকাদাৰৰ বাবে সোণৰ কণী পৰা হাঁহ বুলি ক্ষোভ প্রকাশ কৰিছে ৷

লগতে পঢ়ক:Protech Housing: প্র’টেক হাউছিঙৰ অনিয়মৰ বিৰুদ্ধে ৰাজ্যপালক আপৰ স্মাৰকপত্র প্ৰদান

ABOUT THE AUTHOR

...view details