বিহপুৰীয়া,21 চেপ্তেম্বৰ:ৰাজ্যবাসী বানত সৰ্বস্বান্ত হোৱাৰ পিছত এতিয়া ৰাজ্যৰ কোনো কোনো অংশত অব্যাহত আছে গৰা-খহনীয়া ৷ খহনীয়াৰ তাণ্ডৱ অব্যাহত থকাৰ বাবে বহু লোকে হেৰুৱাবলগীয়া হৈছে সৰ্বোচ্চ ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰতো লুইতৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি ভাবুকি কঢ়িয়াই আনিছে জন-জীৱনৰ প্ৰতি ৷ নাৰায়ণপুৰৰ বনপুৰৈ জামুগুৰিত খহনীয়াত সৰ্বোচ্চ হেৰুওৱাৰ উপক্ৰম হৈছে অঞ্চলবাসী ৷ সম্প্ৰতি নৈপৰীয়া ৰাইজে আতংকিত হৈ পাৰ কৰিছে বিনিদ্ৰ ৰজনী ৷ আপোন ঘৰখন ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ উপক্ৰমৰ পিছতো ইয়াক ৰক্ষা কৰবলৈ কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই ৰাইজে ৷ এনে এক জটিল পৰিস্থিতি উদ্ভৱ হোৱাৰ পিছতো চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷
ঘৰ হেৰুৱাইছে বনপুৰৈ জামুগুৰিবাসীয়ে... - খহনীয়া
খহনীয়াই আতংক কঢ়িয়াইছে নাৰায়ণপুৰবাসীৰ মাজত ৷ অঞ্চলটোত খহনীয়াৰ তাণ্ডৱ অব্যাহত থকাৰ বাবে বহু লোকে হেৰুৱাবলগীয়া হৈছে সৰ্বোচ্চ ৷ পূৰ্বে লাখটকীয়া জিঅ’ বেগেৰে মথাউৰি ৰক্ষাৰ চেষ্টা চলোৱা বিভাগীয় কৰ্তৃপক্ষৰ চেষ্টা অসাৰ কৰি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায় এই মথাউৰিৰ একাংশ ৷
নাৰায়ণপুৰবাসীৰ মাজত খহনীয়াৰ আতংক
এই খহনীয়া ৰক্ষা কৰিবলৈ পূৰ্বে লাখটকীয়া জিঅ’ বেগেৰে মথাউৰি ৰক্ষাৰ চেষ্টা চলাইছিল বিভাগীয় কৰ্তৃপক্ষই ৷ কিন্তু কালৰূপ ধাৰণ কৰা মহাবাহুৰ বুকুত সেয়াও বিলীন হৈ যায় ৷ ফলত এমুৰৰ পৰা ক্ৰমাৎ খহিবলৈ ধৰিছে অঞ্চলটোৰ ৰক্ষাকৱচ স্বৰূপ জামুগুৰি-আৰিমৰা সংযোগী বৃহৎ মথাউৰিটো ৷ মথাউৰিটো সম্পূৰ্ণকৈ নদীৰ বুকুত জাহ গ’লে বিহপুৰীয়া আৰু গহপুৰৰ শতাধিক গাঁও জলমগ্ন হোৱাতো নিশ্চিত হৈ পৰিছে ৷
লগতে চাওকঃঅহা 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণৰ সম্ভাৱনা