লখিমপুৰ, ১৯ জুন :ফেনে ফুটুকাৰে বাঢ়িছে লখিমপুৰৰ চকুলোস্বৰূপ ৰঙানদী ৷ ভয়ংকৰ সংকতত পৰিছে লখিমপুৰ নগৰ । চপৰা চপৰে খহিছে নগৰখনৰ একমাত্ৰ সুৰক্ষা কৱচস্বৰূপ ৰঙানদীৰ মথাউৰি (Erosion in Ranganadi river) ৷
নীপকোৱে পানী এৰি দিয়াৰ ফলত(Water released by NEEPCO) নদীখনৰ চৌদিশে বিস্তৰ ক্ষতি কৰাৰ উপৰিও ৩৬২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মথাউৰিটোত খহনীয়াৰ সৃষ্টি হৈছে ৷ শেহতীয়াকৈ বগলীজানৰ সমীপতো মথাউৰি খহাইছে নদীখনে ৷ লখিমপুৰ নগৰৰ সুৰক্ষা কৱচস্বৰূপ এই মথাউৰিটো খহনীয়াত জাহ গ’লে লখিমপুৰৰ বৃহৎ অঞ্চলসহ লখিমপুৰ নগৰো পানীত ডুব যাব ৷
উল্লেখ্য যে, ২০১৭ চনতো এই অংশৰ সমীপতে নদীখনে মথাউৰি ছিঙি লখিমপুৰ নগৰ পৰ্যন্ত বুৰাই পেলাইছিল । ৰাজ্য চৰকাৰৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, বিধায়ক, প্ৰতিনিধি আহি এই ভয়ংকৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল ৷ সম্প্ৰতি খহনীয়া সৃষ্টি হোৱা অংশৰ দিশে নদীখন খৰালি কালৰপৰাই আগুৱাই আহিছিল । এনে পৰিস্থিতি সৃষ্টি কৰাৰ আশংকা থকাৰ পাছতো এই পৰ্যন্ত জলসম্পদ বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷