বিহপুৰীয়া, 3 জুলাই :ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে ৰাজ্যৰ বিভিন্ন জিলাত অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ (Wild elephant attack) ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলতো কিছুদিন ধৰি বনৰীয়া হাতীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে ৰাইজৰ । বিগত তিনি দিন ধৰি অৰুণাচল পাহাৰৰ পৰা নামি অহা এটা হাতীৰ জাকে অঞ্চলটোৰ শংকৰপুৰ, কৈলাশপুৰ অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছে ।
নিশাৰ ভাগত পাহাৰৰ পৰা নামি অহা হাতীৰ জাকটোৱে অঞ্চলটোৰ লোক সকলৰ বাৰীত সোমাই কল গছৰ লগতে বিভিন্ন গছ গছনি ভাঙি চিঙি বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙিবলৈও উদ্যত হোৱাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । প্ৰায় কিছুদিন ধৰি বনৰীয়া হাতীৰ তাণ্ডৱৰ বাবে উজাগৰি নিশা কটাবললগীয়া হৈছে অঞ্চলটোৰ ৰাইজে । এই সন্দৰ্ভত স্থানীয় ৰাইজে বন বিভাগক খবৰ দিছে যদিও বিভাগটোৰ বিষয়া-কৰ্মচাৰীয়ে এতিয়ালৈ কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ কৰিছে ।
আনহাতে, সমগ্ৰ অঞ্চলটোত নিশাৰ ভাগত বিদ্যুৎ সেৱা নথকাত বন্যহস্তীৰ উপদ্ৰৱ ক্ৰমান্বয়ে বৃদ্ধি পাইছে বুলি অভিযোগ কৰিছে ৰাইজে ৷ ইফালে এন্ধাৰৰ সুযোগ লৈ হাতীৰ জাকটোৱে ত্ৰাসৰ সৃষ্টি কৰা বুলি স্থানীয় ৰাইজে সাংবাদিকৰ আগত সদৰি কৰিছে স্থানীয় ৰাইজে ।