অসম

assam

ETV Bharat / state

"সৌভাগ্য" প্ৰদানৰ পিচৰে পৰা দুৰ্ভাগ্যই লগ এৰা নাই চাউলধোৱাবাসীক - লখিমপুৰ জিলাৰ চাউলধোৱাত বিদ্যুৎ প্ৰদানৰ নামত প্ৰহসন

"সৌভাগ্য" বিনামূলীয়া আচনিৰ নামত প্ৰতিটো পৰিয়ালৰ পৰা দালালে সংগ্ৰহ কৰিলে ৫000 পৰা ১৪000 পৰ্যন্ত। অৱশেষত লখিমপুৰ বিদ্যুৎ সংমণ্ডলৰ অধীনৰ বগীনদী বিদ্যুৎ সেৱা কেন্দ্ৰই পৰিয়ালসমূহক যোগান ধৰিলে সৌভাগ্য আচনিৰ বিদ্যুৎ।

লখিমপুৰৰ চাউলধোৱা

By

Published : Oct 25, 2019, 10:06 AM IST

লখিমপুৰ, 25 অক্টোবৰ:চৰকাৰী আঁচনিৰ প্ৰহসন বৰ্তমান সময়ৰ কোনো নতুন বিষয় নহয় ৷ গাঁৱৰ দুখীয়া দৰিদ্ৰৰ সুবিধাৰ্থে চৰকাৰে প্ৰদান কৰা সুবিধাসমূহৰ গাঁওবাসীয়ে লাভালাভ উঠাব নোৱাৰিলেও কিন্তু একাংশই সম্পূৰ্ণ লাভালাভ উঠাইছে এই আচনিসমূহৰ পৰা ৷ দৰিদ্ৰ পৰিয়ালসমূহক বিদ্যুতৰ পোহৰ দিবলৈ ভাৰত চৰকাৰৰ আচনিৰ নাম আছিল "সৌভাগ্য" কিন্তু প্ৰহসনৰ কোবত লখিমপুৰ জিলাৰ চাউলধোৱাৰ একাংশ পৰিয়ালৰ বাবে "সৌভাগ্য"পৰিণত হ'ল দুৰ্ভাগ্যলৈ ৷ "সৌভাগ্য" বিনামূলীয়া আচনিৰ নামত প্ৰতিটো পৰিয়ালৰ পৰাদালালে সংগ্ৰহ কৰিলে ৫000 পৰা ১৪000 পৰ্যন্ত। অৱশেষত লখিমপুৰ বিদ্যুৎ সংমণ্ডলৰ অধীনৰ বগীনদী বিদ্যুৎ সেৱা কেন্দ্ৰই পৰিয়ালসমূহক যোগান ধৰিলে সৌভাগ্য আচনিৰ বিদ্যুৎ।

লখিমপুৰ জিলাৰ চাউলধোৱা

উল্লেখ্য যে, সৌভাগ্য আঁচনিৰ অধিনত প্ৰায় ৩০ টা পৰিয়ালত দিয়া হৈছে বিদ্যুৎ সংযোগ। কিন্তু সম্পূৰ্ণ বিপদজনক অৱস্থাত প্ৰদান কৰা হৈছে এই বিদ্যুৎ ৷ বিদ্যুতৰ খুটাৰ বিপৰীতে ৪০০/৫০০ মিটাৰ দীঘলীয়া তাঁৰ বাহৰ খুটা পুটি পৰিয়ালসমূহক বিদ্যুৎ সংযোগ দিছে দালাহ সহ বিদ্যুৎ বিভাগৰ একাংশ কৰ্মচাৰীয়ে। ইমানেই নহয়, চৰকাৰে বিনামূলীয়া বুলি কলেও এই বিদ্যুৎ সংযোগ বিনামূলীয়া কৈ লাভ কৰা নাই কোনো এটা দৰিদ্ৰ পৰিয়ালে ৷ ৪০ বছৰৰ অন্তত গাঁৱৰ ৰাইজৰ আশা চৰকাৰৰ সৌভাগ্য আচনিৰ জৰিয়তে পোৱা বিদ্যুতৰ পোহৰে পোহৰাব তেঁওলোকৰ ঘৰখন। কিন্তু দালালৰ কবলত পৰি এতিয়া বিপদসংকূলভাৱে দিন পাৰ কৰিছে লখিমপুৰ জিলাৰ চাউলধোৱাবাসীয়ে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details