অসম

assam

ETV Bharat / state

Bijuli Mahotshav in Bihpuria: বিহপুৰীয়াত বিজুলী মহোৎসৱ উদযাপন

আজাদী কী অমৃত মহোৎসৱৰ অংশস্বৰূপে সোমবাৰে বিহপুৰীয়াত উদযাপন কৰা হয় উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত কাৰ্যসূচীৰ অন্তৰ্গত বিজুলী মহোৎসৱ(Bright India Bright Future Celebrated at Lakhimpur) ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিহপুৰীয়াৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা আৰু লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত গীতালী দুৱৰা ৷

Electricity Festival of Bright India Bright Future Celebrated at Lakhimpur
বিদ্যুৎ বিভাগৰ উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত কাৰ্যসূচীৰ বিজুলী মহোৎসৱ

By

Published : Jul 25, 2022, 10:32 PM IST

বিহপুৰীয়া, ২৫ জুলাই :আজাদী কী অমৃত মহোৎসৱৰ অংশস্বৰূপে সোমবাৰে বিদ্যুৎ বিভাগে বিহপুৰীয়া বাহগড়াৰ মাৰিখোৱা পথাৰত উদযাপন কৰে উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত কাৰ্যসূচীৰ বিজুলী মহোৎসৱ(Bijuli Mahotshav in Bihpuria) ৷ এক সাংস্কৃতিক কাৰ্যসূচীৰ দ্বাৰা সম্পন্ন হোৱা এই মহোৎসৱৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত গীতালী দুৱৰাই ৷ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত আজাদী কি অমৃত মহোৎসৱৰ উদ্দেশ্য সন্দৰ্ভত বহল ব্যাখ্যা দাঙি ধৰে ৷

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিহপুৰীয়াৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই (Bihpuria MLA Amiya Kumar Bhuyan) কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিদ্যুৎ বিভাগক উন্নীতকৰণ কৰাৰ ফলত ৰাইজে লাভ কৰা উন্নত বিদ্যুৎ সেৱাৰ বিষয়ে উল্লেখ কৰি চৰকাৰী বিভিন্ন আঁচনি সন্দৰ্ভত বহল ব্যাখ্যা দাঙি ধৰে ৷ মানসী বৰাই আঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে নিপকোৰ বিষয়া সৌগত দাসে ৷ ইয়াৰ পিছতেই বিদ্যুৎ বিভাগে বিগত সময়ত কৰি অহা কৰ্মৰাজি আৰু ইয়াৰ সফলতাৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ তিনিখনকৈ তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় ।

বিদ্যুৎ বিভাগৰ উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত কাৰ্যসূচীৰ বিজুলী মহোৎসৱ

সমান্তৰালভাৱে ৰাজপথত সজাগতামূলক এখন বাটৰ নাট প্ৰদৰ্শন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰে ৷ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা সভাত নিপকোৰ মুখ্য মহা প্ৰৱন্ধক পৰেশ চন্দ্ৰ বৰ্মন, বিদ্যুৎ বিভাগৰ উত্তৰ লখিমপুৰৰ মুখ্য কাৰ্যবাহী বিষয়া অমৰজিত শৰ্মা, বিহপুৰীয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি দীপক সভাপণ্ডিত উপস্থিত থাকে । ইপিনে মহোৎসৱৰ অন্তত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক :Medicine price hike : দৰবৰ পুনৰ মূল্যবৃদ্ধিয়ে ৰামটাঙোন শোধাইছে সৰ্বসাধাৰণক

ABOUT THE AUTHOR

...view details