লখিমপুৰ, 17 ছেপ্টেম্বৰ : লখিমপুৰ নগৰ এলেকাৰ আকৰ্ষণীয় স্থানসমূহৰ ভিতৰত অন্যতম নীলকণ্ঠেশ্বৰ মন্দিৰ । এই মন্দিৰৰ কাষতে লাগি আছে উদ্যান আৰু মহাপ্ৰয়াণ ক্ষেত্র । এই মহাপ্ৰয়াণ ক্ষেত্রত এবছৰে অচল হৈ পৰি ৰৈছে 50 লাখ টকীয়া এটা বৈদ্যুতিক শৱ দাহন যন্ত্র । শ্মশানখনত শৱ দাহ কৰাৰ উদ্দেশ্যে স্থাপন কৰা এটা 50 লাখ টকীয়া বৈদ্যুতিক শৱ দাহন যন্ত্ৰটো কেৱল এদিন ব্যৱহাৰৰ পিচতে বিকল হৈ পৰে ৷ পিচত সেই স্থানতে পুনৰ নতুনকৈ চৰকাৰী আঁচনিৰে শৱ দাহন আঁচনি নিৰ্মাণৰ পৰিকল্পনা কৰে লখিমপুৰ পৌৰসভাই ৷ যাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি উত্তৰ লখিমপুৰ নগৰৰ 14 নং ৱাৰ্ডৰ খেলমাটিত থকা শিৱ মন্দিৰ নীলকণ্ঠেশ্বৰ উদ্যানৰ কাষৰ শ্মশানত 2022 বৰ্ষত উত্তৰ লখিমপুৰ পৌৰসভাই পঞ্চদশ বিত্তীয় আয়োগৰ অনুমোদন সাপেক্ষে 49 লাখ 99 হাজাৰোধিক টকাৰ ব্যয়েৰে ‘‘প্ৰবিজন অফ উদ ৱেষ্ট ক্ৰেমিচন গ্ৰাউণ্ড’’ৰ জৰিয়তে স্থাপিত কৰিছিল ৷
উক্ত আঁচনি শুভ উদ্বোধন কৰিছিল লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ৷ উল্লেখ্য যে, উক্ত শৱ দাহন যন্ত্ৰটো কেৱল এদিন ব্যৱহাৰ কৰাৰ পিচতে বিকল হৈ পৰে ৷ ফলত দীৰ্ঘদিন ধৰি উক্ত যন্ত্ৰটো শ্মশানতে পৰি থকাৰ পিচত শেহতীয়াকৈ উত্তৰ লখিমপুৰ পৌৰসভাই পুনৰ সেই স্থানত মেনুৱেলি শৱ দাহনৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছে ৷