বিহপুৰীয়া, 24 ফেব্ৰুৱাৰী : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অধিক তৎপৰ হৈ পৰিছে নৱগঠিত ৰাজনৈতিক দল 'ৰাইজৰ দল' ৷ ৰাজ্যৰ বিভিন্ন সমষ্টিৰ লগতে বিহপুৰীয়া সমষ্টিতো দলটোৰ নেৰ্তৃবৃন্দই নিজ দলক ৰাইজৰ মাজলৈ লৈ যোৱাৰ স্বাৰ্থত গ্ৰহণ কৰিছে ইটোৰ পিছত সিটো কাৰ্যসূচী ৷ আজিৰ দিনটোতো ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক অনুপ শইকীয়াৰ নেতৃত্বত বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰত এক বৃহৎ সমদল বাহিৰ কৰি শক্তি প্ৰদৰ্শনৰ চেষ্টা চলায় ৷ সমদলটোৰ জৰিয়তে কাৰাৰুদ্ধ অখিল গগৈক মুক্তি দিবলৈ সজোৰে দাবী জনায় ৷
বিহপুৰীয়াত ৰাইজৰ দলৰ বৃহৎ সমদল - সমদলত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী
বিহপুৰীয়াত ৰাইজৰ দলৰ বৃহৎ সমদল ৷ সমদলত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী ৷ হাতে হাতে পতাকা লৈ বিভিন্ন শ্লগান দিয়ে সমদলকাৰীয়ে ৷
![বিহপুৰীয়াত ৰাইজৰ দলৰ বৃহৎ সমদল বিহপুৰীয়াত ৰাইজৰ দলৰ বৃহৎ সমদল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10757843-thumbnail-3x2-raij.jpg)
নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে হাতে হাতে দলীয় পতাকা লৈ অখিল গগৈক মুক্তি দিয়ক, ৰাইজৰ দল জিন্দাবাদ, বিজেপি হুচিয়াৰ, সৰ্বানন্দ সোণোৱাল গ' বেক, হিমন্ত বিশ্ব শৰ্মা গ' বেক আদি প্ৰতিবাদী শ্ল'গানো দিয়ে সমদলকাৰীসকলে ৷ সমদলকাৰীসকলে জৰাবাৰীস্থ জ্যোতি সংগমৰ প্ৰেক্ষাগৃহত উপস্থিত হৈ এই কাৰ্যসূচীৰ সামৰণি মাৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ডাঃ হৰিকান্ত দাস, লখিমপুৰ জিলা সমিতিৰ সভাপতি আজাদ হাজৰিকা, উপ-সভাপতি যাদৱ হাজৰিকা প্ৰমুখ্যে কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, উক্ত বৃহৎ সমদলত ৰাজ্যৰ বিভিন্ন কৃষ্টি-সংস্কৃতিকো স্থান দিয়া হয় ৷
লগতে পঢ়ক :কাছাৰত শিক্ষালাভৰ পৰা বঞ্চিত শিক্ষাৰ্থীৰ প্ৰতিবাদ