লখিমপুৰ,8 ছেপ্তেম্বৰ: ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত লখিমপুৰত মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে চুতীয়া ছাত্ৰ সন্থাই ৷ সংগঠনটোৰ সদস্যসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, চন্দন ব্ৰহ্মৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নকৰি বিভাজনৰ ৰাজনীতি কৰা বুলি ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ৷
মুখ্য়মন্ত্ৰীৰ পুত্তলিকা দাহেৰে চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ - পুত্তলিকা দাহ
ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত লখিমপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মৰ পুত্তলিকা দাহ কৰে চুতীয়া ছাত্ৰ সন্থাই ৷ চুতীয়াসকলক কৰা এই প্ৰৱঞ্চনাৰ বিৰুদ্ধে পৰৱৰ্তী নিৰ্বাচনত পোটক তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷
পুত্তলিকা দাহেৰে প্ৰতিবাদ
বিগত 2016 ৰ বিধানসভা নিৰ্বাচনৰ সময়ত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে এতিয়া কোঁচ, মৰাণ আৰু মটকক স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰি ছয় জনগোষ্ঠীৰ মাজত বিভেদৰ ৰাজনীতি আৰম্ভ কৰিছে ৷ চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে তীব্র ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটাই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ কৰ্মীসকলে ৷ লগতে চুতীয়াসকলক কৰা এই প্ৰৱঞ্চনাৰ বিৰুদ্ধে পৰৱৰ্তী নিৰ্বাচনত পোতক তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে চাওকঃগুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ আছু নেতৃত্বৰ