অসম

assam

ETV Bharat / state

মাধৱদেৱ বিশ্ববিদ্যালয়ত আয়োজন বিহপুৰীয়া সমষ্টি ভিত্তিক শৈক্ষিক অভিৱৰ্তন - মাধৱদেৱ বিশ্ববিদ্যালয়ত আয়োজন বিহপুৰীয়া সমষ্টি ভিত্তিক শৈক্ষিক অভিৱৰ্তন

বিহপুৰীয়াত আয়োজন কৰা হয় সমষ্টি ভিত্তিত শৈক্ষিক অভিৱৰ্তন অনুষ্ঠান (Educational Orientation Programme at Madhabdev University)। এই অনুষ্ঠানতে বিগত পাঁচ বছৰত ভাল ফলাফল দেখুওৱা 6 খন বিদ্যালয়ৰ প্ৰধানসকলক সম্বৰ্ধনা জনোৱা হয় ৷

Educational Orientation Programme at Madhabdev University
মাধৱদেৱ বিশ্ববিদ্যালয়ত আয়োজন বিহপুৰীয়া সমষ্টি ভিত্তিক শৈক্ষিক অভিৱৰ্তন

By

Published : Jul 10, 2022, 10:00 PM IST

বিহপুৰীয়া, 10 জুলাই : দেওবাৰে বিহপুৰীয়াত আয়োজন কৰা হয় শৈক্ষিক অভিৱৰ্তন অনুষ্ঠানৰ (Educational Orientation Programme at Madhabdev University) ৷ 109 নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়কৰ শিক্ষা উন্নয়ন সমিতিৰ উদ্যোগত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ সহযোগত নিম্ন প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়ৰ মুৰব্বী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিসকলৰ উপস্থিতিত দেওবাৰে মাধৱদেৱ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিহপুৰীয়া সমষ্টি ভিত্তিত শৈক্ষিক অভিৱৰ্তন অনুষ্ঠান ।

পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আয়োজিত হোৱা অনুষ্ঠানটিৰ মূল সভাত বিশেষভাৱে উপস্থিত থাকে বিহপুৰীয়াৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দিবাকৰ চন্দ্ৰ ডেকা, লখিমপুৰ জিলাৰ জিলা উপায়ুক্ত চুমিত সাত্তাৱন, বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামী ৷

মাধৱদেৱ বিশ্ববিদ্যালয়ত আয়োজন বিহপুৰীয়া সমষ্টি ভিত্তিক শৈক্ষিক অভিৱৰ্তন

লগতে এই অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰমেশ চুতীয়া, নাৰায়ণপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হৰিপ্ৰসাদ দাস, ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ উপ মুখ্য কাৰ্যবাহী কেশৰাম বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তিসকল । এই অনুষ্ঠানত বিগত পাঁচ বছৰত ভাল ফলাফল দেখুওৱা বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত বিদ্যালয়সমূহৰ মাজৰ পৰা 6 খন বিদ্যালয় নিৰ্বাচন কৰি বিদ্যালয় কেইখনৰ প্ৰধানসকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

লগতে পঢ়ক :Jal Jeevan Mission: ডিব্ৰুগড়ত জল জীৱন মিচনৰ আঁচনিৰ বুজ ল'লে জয়ন্ত মল্ল বৰুৱাই

ABOUT THE AUTHOR

...view details