অসম

assam

ETV Bharat / state

মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ বাবে ১০০০০ কোটি টকা ধাৰ্য কৰাৰ কথা প্ৰকাশ শিক্ষামন্ত্ৰীৰ - BJPৰ ৰাজ্যিক অনুসূচীত জনজাতি মৰ্চা

বিহপুৰীয়াত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Education Minister Ronoj Pegu in Bihpuria) । BJPৰ ৰাজ্যিক অনুসূচীত জনজাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিবাহকত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য (BJP ST morcha executive meeting)। কি ক'লে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

education minister ronoj pegu in bihpuria
বিহপুৰীয়াত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

By

Published : Aug 23, 2022, 10:03 PM IST

বিহপুৰীয়া,২৩ আগষ্ট: ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক অনুসূচীত জনজাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিবাহকত অংশ ল’বলৈ আহি আজি বিহপুৰীয়াত উপস্থিত হয়হি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Education Minister Ronoj Pegu in Bihpuria) । সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

দেউৰী স্বায়িত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Deori Autonomous Council Elections) প্ৰসংগত মন্ত্ৰীগৰাকীয়ে জনায় যে, ইতিমধ্যে ভোটাৰ তালিকাৰ কাম চলি আছে তালিকাৰ কাম সম্পূৰ্ণ হ’লেই নিৰ্বাচন আয়োগে পৰিষদীয় নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব । মন্ত্ৰীগৰাকীয়ে শিক্ষক বদলিকৰণৰ বিষয়টো বিভাগে খুব সহানুভূতিৰে শিক্ষক শিক্ষয়িত্ৰীসকলৰ সমস্যা বুজি খুব কম দিনৰ ভিতৰতে কাম সম্পূৰ্ণ কৰিব বুলি জানিবলৈ দিয়ে ।

ইফালে, ভাষণ প্ৰসংগত মন্ত্ৰী ডাঃ পেগুৱে চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰাৰ প্ৰস্তুতি চলাইছে বুলি বুদ্ধিজীৱী আৰু সংগঠৰ বিষয়ববীয়া সকলে বিভ্ৰান্ত্ৰিৰ সৃষ্টি কৰিছে বুলি কয় । লগতে তেওঁ ৰাজ্যৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহৰ আন্ত গাঁথনি উন্নয়নৰ বাবে ১০০০০ কোটি টকা ধাৰ্য কৰা হৈছে বুলি জনায় ।

বিহপুৰীয়াত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

আনহাতে দেওবাৰে অনুষ্ঠিত হোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে ইন্টাৰনেট সেৱা কৰ্তন কৰাত বহু ব্য়ৱসায়ী লোকচানৰ সন্মুখীন হৈছে । যাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী পৰীক্ষাসমূহত বিকল্প কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে পূৰ্বৰ নীতিয়ে বাহাল থাকিব বুলি উল্লেখ কৰে ।

সোমবাৰৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বিহপুৰীয়াৰ জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত হোৱা কাৰ্য নিৰ্বাহক সভাখনত অনুসূচীত জনজাতি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তথা ৰাজ্য সভাৰ সাংসদ সমিৰ কুমাৰ ওৰাঙে, ৰাজ্যিক মৰ্চাৰ সভাপতি শিৱনাথ ব্ৰহ্মকে আদি কৰি মৰ্চাৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।

লগতে পঢ়ক:হোজাই জিলা শংকৰদেৱ নগৰত আমছুৰ অৱস্থান ধৰ্মঘট

ABOUT THE AUTHOR

...view details