লখিমপুৰ, ২৬ আগষ্ট :এতিয়াও প্ৰতিবাদৰ জুই জ্বলি আছে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ চৌহদত (Protest against lakhimpur college pricipal) ৷ বৃহস্পতিবাৰে ফাদিল হোৱা নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিমান চন্দ্ৰ চেতিয়াৰ নিৰ্লজ কাণ্ডই কেৱল লখিমপুৰকে নহয় দিছপুৰ পৰ্যন্ত জোকাৰি গৈছে । যাৰ বাবে বিভাগীয় মন্ত্ৰীৰ নিৰ্দেশত শিক্ষা বিভাগে তাৎক্ষণিক তদন্তৰ নিৰ্দেশ দিবলৈ বাধ্য হৈছে ।
অভিযোগ অনুসৰি, নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষই কোনো অচিনাক্ত যুৱতীৰে মেছেঞ্জাৰত অশ্লীল বাৰ্তালাপ কৰিছিল ৷ যাৰ অভিযোগত বৃহস্পতিবাৰে কলেজখনত বিভিন্ন ছাত্ৰ সংগঠনে প্ৰতিবাদ সাব্যস্তও কৰিছিল ৷ ইয়াৰ পাচতেই শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নিৰ্দেশ ক্ৰমে শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত তাৎক্ষণিকভাৱে এক তদন্তৰ নিৰ্দেশ দিয়ে (Education department announces probe against Lakhimpur college principal) ৷
সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷
ইফালে কলেজখনত প্ৰতিবাদৰ জোৱাৰ দেখি পৰিচালনা সমিতিয়ে জৰুৰীভাৱে এখন সভাৰ আয়োজন কৰি অভিযুক্ত অধ্যক্ষগৰাকীক পোন্ধৰ দিনৰ বাধ্যতামূলক ছুটী দিয়ে ৷ লগতে উপাধ্যক্ষ ৰঞ্জন কুমাৰ বৰাক অস্থায়ীভাৱে অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰে ।
আনহাতে, অভিযুক্ত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে আন বহু দল সংগঠনো । সকলোৱে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে শক্তিশালী তদন্ত কৰি দোষী প্ৰমাণিত হ’লে কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে । কলেজখনৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা পৰিচালনা সমিতিক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰো আহ্বান জনাই দাখিল কৰে এক পত্ৰ ৷