লখিমপুৰ, 30 ছেপ্টেম্বৰ :সমাগত শাৰদ উৎসৱ দুৰ্গা পূজা । তাৰবাবে এতিয়াৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি আছে প্ৰস্তুতি । ৰাজ্যৰ আন ঠাইৰ দৰে লখিমপুৰ জিলাতো দুৰ্গা পূজাৰ প্ৰস্তুতি আৰম্ভ হৈছে । পূৰ্বৰে পৰা জিলাখনৰ পৌৰাণিক ঐতিহাসিক থান-দেৱালয়সমূহৰ উপৰিও অস্থায়ী মণ্ডপ সাজি তিনি শতাধিক স্থানত দুৰ্গা পূজা কৰা হয় । বিগত বছৰসমূহৰ দৰে এইবাৰো জিলাখনৰ বিভিন্ন স্থানত দুৰ্গা পূজাৰ প্ৰস্তুতি চলিছে ।
জানিব পৰা মতে, ঐতিহাসিক থান-দেৱালয়সমূহত পৰম্পৰাগত ৰীতি-নীতিৰে পূজাৰ প্ৰস্তুতি চলি আছে । উল্লেখ্য যে, জিলাখনৰ নগৰত থকা শতবর্ষ অতিক্ৰম কৰা পঞ্চাণণ দেৱালয় আৰু ঢকুৱাখনাৰ হাৰ্হি দেৱালয়ত পৰম্পৰাগতভাৱে বলি বিধানেৰে দুৰ্গা পূজা অনুষ্ঠিত কৰা হয় ।
বিগত বছৰৰ দৰে এইবাৰো এই দুই দেৱালয়ত বলি বিধানেৰে দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে । পঞ্চাণণ দেৱালয়ৰ পৰিচালনা সমিতিৰ সম্পাদক জিতেন শৰ্মা ভৰালীয়ে জনোৱা মতে, হাঁহ, পাৰ, ছাগলী আদি বলি দিয়া হ’ব এইবাৰৰ দুৰ্গা পূজাত । প্ৰতি বছৰৰ দৰে এইবাৰো দুৰ্গা পূজাত এই দেৱালয়ত লক্ষাধিক ভক্তৰ সমাগম ঘটিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।