অসম

assam

ETV Bharat / state

নাৰায়ণপুৰৰ ঐতিহাসিক পেটুৱা গোসাঁনী থানত নহয় দেৱী পূজা - BIHPURIA

নাৰায়ণপুৰৰ ঐতিহাসিক শক্তিপীঠ পেটুৱা গোঁসাঞী থানত নহয় দেৱী পূজা ৷ এইবেলি ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে দূৰ্গা পুজাৰ পৰিৱৰ্তে ভক্তসকলৰ অৰ্থে চন্ডীপাঠৰ ব্যৱস্থা কৰা হৈছে ৷

DURGA PUJA BIHPURIA
নাৰায়ণপুৰৰ ঐতিহাসিক পেটুৱা গোসাঁনী থানত নহয় দেৱী পূজা

By

Published : Oct 22, 2020, 12:57 PM IST

নাৰায়ণপুৰ 22 অক্টোবৰ :নাৰায়ণপুৰৰ ঐতিহাসিক শক্তিপীঠ পেটুৱা গোঁসাঞী থানত এইবাৰ নহয় দেৱী পূজা ৷ ক'ভিড-১৯ প্ৰটকল ৰক্ষা কৰি থান পৰিচালনা সমিতিয়ে দেৱী পূজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ নাৰায়ণপুৰৰ ঢলপুৰত অৱস্থিত শক্তিপীঠখনত প্ৰতিবছৰে হাজাৰ হাজাৰ ভক্তৰ সমাৱেশ ঘটে,দেৱীৰ আশীষ বিচাৰি সপ্তমী তিথিৰ দিনটোৰ পৰা অষ্টমী নৱমী তিথিলৈকে ভক্তসকলে মনোবাঞ্ছা পুৰণৰ অৰ্থে হাঁহ বলি দি আহিছিল ৷

নাৰায়ণপুৰৰ ঐতিহাসিক পেটুৱা গোসাঁনী থানত নহয় দেৱী পূজা

কিন্তু এইবেলি ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে দূৰ্গা পুজা স্থগিত ৰাখিলে,তাৰ পৰিৱৰ্তে ভক্তসকলৰ অৰ্থে চন্ডীপাঠৰ ব্যৱস্থা কৰা হৈছে ৷ ভক্তসকলে সামাজিক দুৰত্ব মানি,মাস্ক পৰিধান কৰিহে থানত প্ৰৱেশ কৰিব লাগিব ৷ তাৰোপৰি ভক্তসকলে নিজে পূজা অৰ্চনাও কৰিব লাগিব ৷ ব৷থান পৰিচালনা সমিতিয়ে পূজা স্থগিত ৰাখিলেও ভক্তৰ ভিৰ হোৱাৰ সম্ভাৱনা আছে,যাৰ পূৰ্বানুমান কৰিয়েই থানখনৰ সন্মুখভাগ ভৰি পৰিছে ধুপ চাকি আৰু পূজাৰ সামগ্ৰীৰ দোকানেৰে ৷

লগতে পঢ়ক:প্ৰতিৰক্ষা ব্যৱস্থাপনা মহাবিদ্যালয় আৰু বাইছন ডিভিজন পৰিদৰ্শন সেনাপ্ৰধানৰ

ABOUT THE AUTHOR

...view details