লখিমপুৰ, 17 অক্টোবৰ: গোপন খবৰৰ ভিত্তিত লখিমপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে চলোৱা অভিযানত আটক কৰে 3 ড্ৰাগছ ব্যৱসায়ীক ৷ আটকাধীন ড্ৰাগছ ব্যৱসায়ী কেইজন ক্ৰমে ৰিজু নন্দি,মুকুন্দ দাস আৰু অসীম গগৈ। আটকাধীন যুৱক কেইজনৰ পৰা আৰক্ষীয়ে ৪৪.৬২ গ্ৰাম হেৰ'ইন,নগদ ১লাখ ৬২হাজাৰ টকা আৰু এটা হাতীৰ দাঁত উদ্ধাৰ কৰে।
লখিমপুৰত আটক 3 ড্ৰাগছ সৰবৰাহকাৰী: উৎখাত বৃহৎ ড্ৰাগছৰ ঘাটি - ড্ৰাগছৰ ঘাটি
লখিমপুৰ আৰক্ষীৰ অভিযানত উৎখাত ড্ৰাগছৰ ঘাটি ৷ আৰক্ষীৰ অভিযানত আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী
![লখিমপুৰত আটক 3 ড্ৰাগছ সৰবৰাহকাৰী: উৎখাত বৃহৎ ড্ৰাগছৰ ঘাটি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4778390-795-4778390-1571297573563.jpg)
লখিমপুৰ
3 ড্ৰাগছ সৰবৰাহকাৰী
উল্লেখযোগ্য যে,লখিমপুৰ জিলাৰ উপ আৰক্ষী অধীক্ষক ৰুণা নেওঁগৰ নেতৃত্বত চলিছিল এই অভিযান। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীক সোধা পোচা অব্যাহত ৰখাৰ লগতে উদ্ধাৰ হোৱা হাতীৰ দাঁত সম্পৰ্কতো তদন্ত অব্যাহত ৰাখিছে ৷ সন্দেহ কৰা হৈছে জন্তুৰ দাঁত,ছালৰ চোৰাং ব্যৱসায়ত জড়িত আটকাধীন যুৱক কেইজন। অধিক তথ্যৰ বাবে আৰক্ষীয়ে দলটোক জেৰা অব্যাহত ৰাখিছে ৷