লখিমপুৰ,10 জানুৱাৰী : লখিমপুৰৰ বান্দৰদেৱাত দেওবাৰে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে বিহপুৰীয়া আৰক্ষীয়ে ৷ বিহপুৰীয়া আৰক্ষী থানাৰ পৰিদৰ্শক হিৰণ্য পাটৰৰ নেতৃত্বত চলা এক অভিযানত সন্দেহযুক্ত ১৫.৪০ গ্ৰাম হেৰ’ইন আৰু ২৮ টা খালী কন্টেইনাৰসহ মিঠুন পাটিৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰীজন গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
বান্দৰদেৱাত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী - বান্দৰদেৱাত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
বিহপুৰীয়া আৰক্ষীয়ে দেওবাৰে লখিমপুৰৰ বান্দৰদেৱাত আটক কৰে এজন ড্ৰাগছ সৰবৰাহকাৰী ৷ সৰবৰাহকাৰীজনৰ পৰা ১৫.৪০ গ্ৰাম হেৰ’ইন আৰু ২৮ টা খালী কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৷
বান্দৰদেৱাত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
উল্লেখ্য যে, বদতিৰ দুই নম্বৰ দহঘৰীয়াৰ মিঠুন পাটিৰে দেওবাৰে বিয়লি একাংশ ড্ৰাগছ আসক্ত অৰুণাচলী যুৱকৰ ওচৰত ড্ৰাগছ বিক্ৰী কৰি থকা সময়তে আৰক্ষীয়ে হাতে-লোটে ধৰি আটক কৰিবলৈ সক্ষম হয় ৷ দীৰ্ঘদিনৰ পৰা মিঠুন পাটিৰে অঞ্চলটোত গোপনে চলাই আহিছিল নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় ৷
লগতে পঢ়ক:এছ আই কেলেংকাৰী সন্দৰ্ভত মুখ্য সচিবক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ