অসম

assam

ETV Bharat / state

Encounter in Lakhimpur : লখিমপুৰত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ২ ড্ৰাগছ সৰবৰাহকাৰী - আজিজুৰ ৰহমান আৰু চয়দুল আলী গুলীবিদ্ধ

লখিমপুৰত অবৈধ ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে আজিজুৰ ৰহমান আৰু চয়দুল আলী(Drug peddler injured in encounter) । সম্প্ৰতি লখিমপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আজিজুৰ ৰহমান আৰু চয়দুল আলী ।

Drug peddler injured in encounter
লখিমপুৰত আৰক্ষীৰ এনকাউণ্টাৰত আহত ২ ড্ৰাগছ সৰবৰাহকাৰী

By

Published : Dec 31, 2021, 10:00 AM IST

লখিমপুৰ, ৩১ ডিচেম্বৰ: লখিমপুৰৰ বান্দৰদোৱা আৰক্ষীৰ এনকাউণ্টাৰত আহত হ'ল দুটা ড্ৰাগছ সৰবৰাহকাৰী(Encounter in Lakhimpur) । বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৪৫ বজাত এই গুলীচালনা সংঘটিত হয় । বৃহস্পতিবাৰৰ দিনৰ ভাগতে নগাঁৱৰ পৰা এখন অল্ট' বাহনেৰে ড্ৰাগছ আনি থকা অৱস্থাত পথালিপাহাৰ টোলগেটৰ সমীপত আৰক্ষীয়ে আটক কৰিছিল আজিজুৰ ৰহমান আৰু চয়দুল আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুটাক । আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ পৰা জব্দ কৰে লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ ।

ইয়াৰ পাচতে নিশা আৰক্ষীক ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ নিয়ে আজিজুৰ ৰহমান আৰু চয়দুল আলীয়ে । কিন্তু সেই সময়তে সৰবৰাহকাৰী দুটা পলায়নৰ চেষ্টা কৰে আৰু তেতিয়াই আৰক্ষীয়ে গুলীচালনা কৰে(Two drug peddler injured in encounter in Lakhimpur) । ইয়াৰ পাচতে আজিজুৰ ৰহমান আৰু চয়দুল আলীক লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ধৃত আজিজুৰ ৰহমানৰ ঘৰ নগাঁৱত আৰু চয়দুল আলীৰ ঘৰ বিহপুৰীয়াৰ মৰণৈত ।

বিহপুৰীয়া আৰক্ষী থানাৰ পৰিদৰ্শক উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপন গগৈৰ নেতৃত্বত চলোৱা হৈছিল ড্ৰাগছ বিৰোধী এই অভিযান ।

লগতে পঢ়ক:বৰপেটাৰ পালহাজীত চুৰিকাণ্ড : চোৰে লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী

ABOUT THE AUTHOR

...view details