নিউজ ডেস্ক, 8 চেপ্তেম্বৰ:নীলা চাদৰৰ ভাঁজত জীয়া ছবি ঢাকিছিল সুধাকণ্ঠই ৷
তেওঁৰ গীতৰ হেজাৰ শ্ৰোতা,লুইতৰ পৰা মিছিছিপিলৈ তেওঁ আঁকি গৈছিল মাথো গীতৰ জোৱাৰ ৷ যি গীতত প্ৰাণ পাই উঠে লক্ষ্যজনৰ বাস্তৱৰ জীয়া ছবি ৷ জীৱনৰ উন্মুক্ত ভাৱনাৰ স্পষ্ট ছবি অঁকা হৃদয়স্পৰ্শী গীতিকাৰ,সুৰকাৰ,কণ্ঠশিল্পী শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ আজি 94 সংখ্যক জন্মদিন ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত সুধাকণ্ঠৰ সোঁৱৰণত আজি পালন কৰা হৈছে শিল্পীগৰাকীৰ জন্মতিথি ৷ সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত আজি সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে তথা মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী উপস্থিতি থাকি বন্তি প্ৰজ্জ্বলন কৰাৰ লগতে বিভিন্নগৰাকী শিল্পীয়ে ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰি শিল্পীগৰাকীলৈ আগবঢ়ায় শ্ৰদ্ধাঞ্জলি ৷
বিগত বৰ্ষৰ দৰে এইবাৰো দীঘলীপুখুৰীৰ পাৰত আছুৰ উদ্য়োগত পালন কৰা হৈছে সুধাকণ্ঠৰ 94 সংখ্যক জন্মতিথি ৷
ভূপেন হাজৰিকাৰ গীতত আছে অসমৰ কেঁচা মাটিৰ গোন্ধ ৷ কৃষকৰ ঘামৰ টোপাল,ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই আছে ছহিদৰ কেঁচা তেজৰ চেকুঁৰা ৷ বৰ্তমান কোভিড-19 ৰ ভয়াৱহতাৰ মাজতেই ৰাজ্যজুৰি পালন কৰা হৈছে তেওঁৰ জন্মতিথি ৷ গুৱাহাটীৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন হৈছে শিল্পীগৰাকীৰ জন্মতিথি ৷