অসম

assam

ETV Bharat / state

নাওবৈচাৰ বৰগলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অনুপস্থিতিৰ অভিযোগ - নাওবৈচাৰ ১০ খন বিচনাযুক্ত বৰগলা প্ৰাথমিক গ্ৰাম্য চিকিৎসালয়

অভিযোগ অনুসৰি ১০ খন বিচনাযুক্ত চিকিৎসালয় খনত প্ৰায়ে উপস্থিত নাথাকে চিকিৎসক ৷ চিকিৎসকৰ অনুপস্থিতিত কেৱল এগৰাকী নাৰ্চে পৰিচালনা কৰিছে নাওবৈচাৰ ১০ খন বিচনাযুক্ত বৰগলা প্ৰাথমিক গ্ৰাম্য চিকিৎসালয়খন ।

Doctor not present at Borgola medical of Nawboicha
নাওবৈচাৰ বৰগলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অনুপস্থিতিৰ অভিযোগ

By

Published : Jun 5, 2020, 3:53 PM IST

নাওবৈচা, 5 জুন:লখিমপুৰ জিলাৰ নাওবৈচাস্থিত বৰগলা চিকিৎসালয়ত চিকিৎসকৰ উপস্থিতিত ব্যাপক অনিয়মৰ অভিযোগ ৰাইজৰ ৷ অভিযোগ অনুসৰি ১০ খন বিচনাযুক্ত চিকিৎসালয় খনত প্ৰায়ে উপস্থিত নাথাকে চিকিৎসক ৷ চিকিৎসকৰ অনুপস্থিতিত কেৱল এগৰাকী নাৰ্চে পৰিচালনা কৰিছে নাওবৈচাৰ ১০ খন বিচনাযুক্ত বৰগলা প্ৰাথমিক গ্ৰাম্য চিকিৎসালয়খন । চিকিৎসালয়খনত কাগজে কলমে তিনিজন চিকিৎসক উপস্থিত থাকে যদিও সপ্তাহৰ তিনিটা দিনত মাত্ৰ এজন চিকিৎসক উপস্থিত থাকে ৷ তাকো সপ্তাহৰ নিৰ্দিষ্ট বাৰত একমাত্ৰ চিকিৎসক জনো উপস্থিত নথকাৰ অভিযোগ ৰাইজৰ ৷ যাৰ বাবে বহু সময়ত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৰোগীৰ মাজত ৷

নাওবৈচাৰ বৰগলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অনুপস্থিতিৰ অভিযোগ

উল্লেখ্য যে,চিকিৎসকৰ অনুপস্থিতিত চিকিৎসালয়খনৰ ৰখীয়া হৈ সময় পাৰ কৰিছে চিকিৎসালয়খনৰ একমাত্ৰ নাৰ্চ গৰাকীয়ে । চিকিৎসালয়খনলৈ দৈনিক বানাক্ৰান্ত নাওবৈচাৰ শ শ ৰোগীৰ আগমণ ঘটে যদিও বহু সময়ত চিকিৎসক অবিহনে নৰিয়া দেহাৰে বিমূখ হৈ গৃহলৈ উভতিব লগীয়া হয় ৰোগী সকল ৷ "এখন চিকিৎসালয় থকাৰ পিছতো যদি কোনো ৰোগাক্ৰান্ত লোক চিকিৎসালয়লৈ আহি চিকিৎসা অবিহনে মৃত্যু মুখত পৰে ইয়াৰ বাবে সম্পূৰ্ণ দায়ী হ'ব স্বাস্থ্য বিভাগ আৰু লখিমপুৰ জিলা প্ৰশাসন"। এই সকীয়নি লখিমপুৰ আমছুৰ।

লগতে পঢ়কঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত গছপুলি ৰোপণেৰে পালন বিশ্ব পৰিৱেশ দিৱস

ABOUT THE AUTHOR

...view details