লখিমপুৰ, ২৯ ডিচেম্বৰ :শুকুৰবাৰে প্ৰতিবাদত উত্তাল হ’ল লখিমপুৰ চহৰ ৷ ন্যায্য প্ৰাপ্তিৰ দাবীত এইবাৰ লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে ৰূপায়ণ কৰে অসহযোগ কাৰ্যসূচী ৷ প্ৰতিবাদকাৰীৰ দাবী, জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ বাবে সুকীয়া দৰমহা গাঁথনিৰ ব্যৱস্থা কৰাৰ লগতে গ্ৰেড পে বৃদ্ধি কৰক ৷
ইয়াৰ উপৰিও পৰ্যবেক্ষক সহায়কৰ পদোন্নতিত দৰমহা বৃদ্ধি কৰা, জাৰিকাৰকসকলৰ ৩ শতাংশ দৰমহা বৃদ্ধি কৰি পেন্সনৰ সমস্যা সমাধান কৰাৰ লগতে সৰ্বস্তৰত নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ ।
লগতে প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে যে অহা তিনি জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব কৰ্মচাৰী সন্থাৰ কৰ্ণধাৰ সমিতি ৷ এই কৰ্ণধাৰ সমিতিৰ সিদ্ধান্ত মৰ্মে যদিহে চৰকাৰে তেওঁলোকৰ দাবী মানি নলয়, তেন্তে অহা তিনি জানুৱাৰীৰ পাচৰ পৰা একেৰাহে প্ৰতিবাদী কাৰ্যসূচী চলাই নিব ৷ সংবাদ মাধ্যেমৰ আগত এই কথা উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ৷