নাওবৈচা, ২৭ নৱেম্বৰঃলখিমপুৰ জিলাৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধীনস্থ ২৪ নং ৰঙানদী পৰিষদীয় সমষ্টিৰ ৪১৯ গৰাকী হিতাধিকাৰীৰ মাজত শুকুবাৰে বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয় । মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অনুমোদিত ২০১৯/২০ বিত্তীয় বৰ্ষৰ আঁচনিৰ অধীনত সমষ্টিটোৰ ১৮৬ জনক সূতা, ৪৯ জনক দমকল, ১৫৩ জনক তিৰপাল, ১২জনক পামছেট, ১৯ টা যুৱক সংঘক ফুটবল বিতৰণ কৰা হয় ।
৪১৯ গৰাকী হিতাধিকাৰীলৈ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সামগ্ৰী বিতৰণ - এম এম কে
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধীনস্থ ২৪ নং ৰঙানদী পৰিষদীয় সমষ্টিৰ ৪১৯ গৰাকী হিতাধিকাৰীৰ মাজত শুকুবাৰে বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয় । মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অনুমোদিত ২০১৯/২০ বিত্তীয় বৰ্ষৰ আঁচনিৰ অধীনত বিতৰণ কৰা হয় এই সামগ্ৰী ৷
এই উপলক্ষে নাওবৈচা দিখৌমুখীয়াত আয়োজন কৰা এক অনুষ্ঠানত আনুষ্ঠানিক ভাৱে সামগ্ৰী বিতৰণ কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কৃষি আৰু মীন বিভাগৰ কাৰ্যবাহী বিষয়া দেৱৰঞ্জন মৰাঙে । সামগ্ৰী বিতৰণৰ অনুষ্ঠানটোত এম এম কেৰ লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক মনমোহন পেগু, টি এম পি কেৰ প্রাক্তন সম্পাদক অনিল পাৱে, ২৪ নং ৰঙানদী পৰিষদীয় সমষ্টিৰ সভাপতি অজিত পাৱে, পহুমৰা গাঁও পঞ্চায়তৰ সভাপতি মুছলিম উদ্দীন, শিক্ষক গিৰিশ টায়ে, ৰেবত মৰাং উপস্থিত থাকে।
লগতে পঢ়কঃগুজৰাটত অগ্নিকাণ্ডত নিহত 6 জন ক’ভিড ৰোগী