বিহপুৰীয়া, 17 মাৰ্চ : অসমীয়া বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো এটা মাহ (One month to go for Rangali) ৷ চাওতে চাওতে নঙলা মুখ পালেহি হেঁপাহৰ ৰঙালী বিহু । বিহুটিক উলহ-মালহেৰে পালন কৰিবৰ বাবে লাহে লাহে ব্যস্ত হৈছে সকলো ৷ বহাগ বিহু বা ৰঙালী বিহুৰ এক সুকীয়া বৈশিষ্ট্য হৈছে বিহুগীত বা হুঁচৰি ৷ এই অসমীয়া বিহুগীত বা হুঁচৰিত আছে এক বিশেষ মাদকতা ৷ বিহুগীতৰ সমানেই গুৰুত্বপূর্ণ হৈছে বিহুগীতত বজোৱা বাদ্যযন্ত্ৰসমূহ ৷
সেয়েহে এতিয়া ব্যস্ততা বাঢ়িছে বিহুগীতত বজোৱা বাদ্যযন্ত্ৰসমূহ নিৰ্মাণ কৰা শিল্পীসকলৰ ৷ নিঃসন্দেহে ঢোল হৈছে বিহুগীতত বজোৱা বাদ্যযন্ত্ৰসমূহৰ ভিতৰত গুৰুত্বপূর্ণ বাদ্যযন্ত্ৰ (Dhol in Bihu folk) ৷ এতিয়া এই ঢোল নিৰ্মাণৰ কামত প্ৰতিখন শালত ব্যস্ত শিল্পীসকল (Making of Dhol in Assam) ৷ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ দাস মিউজিকেল ষ্ট'ৰত কৰ্মৰত শিল্পী সকলৰো এতিয়া ব্যস্ততা বঢ়া পৰিলক্ষিত হৈছে ৷ কোনোৱে যদি ঢোলৰ খোলাত তালি লগোৱাত ব্যস্ত, কোনোজনে আকৌ অন্তিম পৰশ দি সাজু কৰি তুলিছে ঢোল ৷