অসম

assam

ETV Bharat / state

Assam Aruanchal border Firing issue; জয়ৰামপুৰত বাংকাৰ সাজি সষ্টম হৈ আছে অৰুণাচল আৰক্ষী : ধৰ্মকান্ত গগৈ - অসম আৰক্ষীৰ দুৰ্বল স্থিতি

বিগত পাঁচ জুনত জয়ৰামপুৰৰ পানবাৰীত অৰুণাচলী দুৰ্বৃত্তই দুজনকৈ অসমীয়া লোকক হত্যা কৰিছিল (Arunachali killed two Assamese people)) ৷ যি ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । এনে পৰিস্থিতিৰ মাজতে উক্ত এলেকাত বাংকাৰ সাজি অৰুণাচলী আৰক্ষী সষ্টম হৈ থকাৰ কথা পোহৰলৈ আহিছে ।

Assam Aruanchal border Firing issue
পানবাৰীত সংঘটিত হত্যা লীলাৰ প্ৰতিক্ৰিয়া

By

Published : Jun 9, 2023, 3:03 PM IST

পানবাৰীত সংঘটিত হত্যা লীলাৰ প্ৰতিক্ৰিয়া

লখিমপুৰ, ৯ জুন :জয়ৰামপুৰত বাংকাৰ বনাই সষ্টম হৈ আছে অৰুণাচল আৰক্ষী । ফলত অসম-অৰুণাচল সীমান্তত বিৰাজ কৰিছে এক উদ্বেগজনক পৰিস্থিতি । যোৱা পাঁচ জুনত জয়ৰামপুৰৰ পানবাৰীত সংঘটিত হত্যা লীলাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে (Arunachali killed two Assamese people) । বিশ্ব পৰিৱেশ দিনা গছপুলি ৰুবলৈ যোৱা অৱস্থাত দুজনকৈ অসমীয়া লোকক অৰুণাচলী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা সন্দৰ্ভত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈয়ে ব্যক্ত কৰিছে কেতবোৰ মন্তব্য (Assam Aruanchal border Firing issue) ৷

বিশ্ব পৰিৱেশ দিনা সংঘটিত উক্ত ঘটনাৰ বিৰোধিতা কৰি প্ৰতি দিনেই বিভিন্ন সংগঠনে সাব্যস্ত কৰি আহিছে প্ৰতিবাদী কাৰ্যসূচী ৷ এনে পৰিস্থিতিৰ মাজতে জয়ৰামপুৰত অৰুণাচল আৰক্ষীয়ে বাংকাৰ বনোৱা কাৰ্য পোহৰলৈ অহাত চিন্তিত হৈ পৰিছে সীমামূৰীয়া অসমীয়া ৰাইজ ৷ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈয়ে কয় যে অৰুণাচল আৰক্ষীয়ে সীমান্তৰ দিশে বাংকাৰ বনোৱা কাৰ্যত অৰুণাচলীয়ে সহযোগ কৰিছে ।

অৰুণাচলী দুৰ্বৃত্তই দুজনকৈ অসমীয়া লোকক হত্যা কৰিছিল

ইফালে বৃহস্পতিবাৰে অসমীয়া যুৱ মঞ্চৰ এটি দলে জয়ৰামপুৰৰ পানবাৰীৰ উক্ত ঘটনাস্থলী পৰিদৰ্শন কৰে । এই পৰিদৰ্শন কালতে তেওঁলোকে অৰুণাচল আৰক্ষীয়ে বাংকাৰ সাজি সষ্টম হৈ থকাটো প্ৰত্যক্ষ কৰে । আনকি সম্পূর্ণ সু-সজ্জিত হৈ থকা অৰুণাচল আৰক্ষীক যিকোনো মূহুৰ্তত সহায় কৰিব পৰাকৈ স্থানীয় অৰুণাচলী লোকো সাজু হৈ আছে বুলি মন্তব্য কৰে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক :AJYCP Protest: সীমা সমস্যাৰ স্থায়ী সমাধানৰ দাবী আৰু অৰুণাচলী দুৰ্বৃত্তক শাস্তিৰ দাবীৰে যোৰহাট-নগাঁৱত প্ৰতিবাদ

ইয়াৰ বিপৰীতে অসম চৰকাৰৰ তৰফৰ পৰা স্থাপন কৰা আৰক্ষী ছাউনিত বিশেষ একো সা-সুবিধা নথকা বুলিও উল্লেখ কৰে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি গগৈয়ে । অৰুণাচলীৰ এনে যুদ্ধংদেহী স্থিতিৰ বিপৰীতে অসম আৰক্ষীৰ দুৰ্বল স্থিতিক লৈ তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰে । সীমান্তৰ সেই অঞ্চলৰ পৰিৱেশ পৰিস্থিতি প্ৰত্যক্ষ কৰাৰ পাচত তেওঁ বিষয়টো লঘু হিচাপে নল’বলৈ অসম চৰকাৰক আহ্বান জনায় ।

পানবাৰীত সংঘটিত হত্যা লীলাৰ প্ৰতিক্ৰিয়া

ইফালে অৰুণাচলৰ সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা কৰি চলিত মাহৰ পাঁচ তাৰিখে সংঘটিত হোৱা ঘটনাৰ পুনৰাবৃত্তি হোৱাৰো সম্ভাৱনা আছে বুলি তেওঁ আশংকা প্ৰকাশ কৰে । সেয়ে এই সন্দৰ্ভত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনায় (Firing at Assam Aruanchal border) ।

লগতে পঢ়ক :Firing at Assam Aruanchal border: সীমান্তত গছপুলি ৰুবলৈ গৈ অৰুণাচলীৰ গুলীত নিহত দুজন অসমীয়া লোক

ABOUT THE AUTHOR

...view details