অসম

assam

ETV Bharat / state

কাইলৈৰ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে ঢকুৱাখানা মহকুমা প্ৰশাসন - dhakuakhana

11 এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ৰাজ্যৰ আন প্ৰান্তৰ দৰে সাজু হৈ উঠিছে ঢকুৱাখনা মহকুমা প্ৰশাসন । ইতিমধ্যে ভোট গ্ৰহণৰ বাবে ভোটকেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে দায়িত্ববাহী বিষয়াসকলো

etv bharat

By

Published : Apr 10, 2019, 5:20 PM IST

ঢকুৱাখনা, 10 এপ্ৰিলঃ 2019ৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে ঢকুৱাখানা মহকুমা প্ৰশাসন ৷ ভোটকেন্দ্ৰ সমূহৰ নিৰাপত্তাৰ অক্ষুন্ন ৰখাৰ লগতে ভোট গ্ৰহণ প্ৰক্ৰিয়া সঠিকভাৱে অনুষ্ঠিত কৰাৰ বাবে নিয়োগ কৰা হৈছে আৰক্ষী প্ৰশাসনক ৷ ইতিমধ্যে, ভোটকেন্দ্ৰ সমূহলৈ বুলি ৰাওনা হৈছে দায়িত্ববাহী বিষয়াসকলো ৷

কাইলৈৰ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে ঢকুৱাখানা মহকুমা প্ৰশাসন

ঢকুৱাখনা সমষ্টিটোত 265 টা কেন্দ্ৰত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। 265টা কেন্দ্ৰৰ 70টা কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰাৰ বিপৰীতে 7 টা কেন্দ্ৰ আদৰ্শ ভোটকেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে । উল্লেখ্য যে, উক্ত সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা 19,4043জন।

ABOUT THE AUTHOR

...view details