লখিমপুৰ , 27 মাৰ্চঃক্ৰমাৎ ধ্বংসৰ দিশে গতি কৰিছে ঢকুৱাখানাৰ ৰেচম গৱেষণা কেন্দ্ৰ । চকুৰ সন্মুখতে উৱলিছে গৱেষণা কেন্দ্ৰৰ গৃহ, গৱেষণাৰ সা-সামগ্ৰী । ৰাজ্য চৰকাৰৰ ৰেচম বিভাগ আৰু ঢকুৱাখানা সমষ্টিৰ বিধায়ক নৱ দলেৰ ৰেচম গৱেষণা কেন্দ্ৰটোৰ প্ৰতি অনীহা প্ৰদৰ্শনৰ বাবে গৱেষণা কেন্দ্ৰটোঅস্তিত্বৰ সংকটত ভুগাৰ অভিযোগ উত্থাপিত হৈছে ৷
অস্তিত্বৰ সংকটত ঢকুৱাখানাৰ ৰেচম গৱেষণা কেন্দ্ৰ - ঢকুৱাখানা ৰেচম গৱেষণা কেন্দ্ৰ
দুই দশক ধৰি বন্ধ গৱেষণাৰ কামঃ নিৰ্বিকাৰ ৰেচম বিভাগ
![অস্তিত্বৰ সংকটত ঢকুৱাখানাৰ ৰেচম গৱেষণা কেন্দ্ৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2813317-81-166d90bf-22ab-41de-bb8e-0146fc008697.jpg)
এৰীপাট আৰু মুগা উৎপাদনত কৃষক সকলক সহায় কৰাৰ লগতে ঢকুৱাখানা ৰেচম ক্ষেত্ৰ খনক আৰু অধিক গতিশীল কৰি তোলাৰ উদ্দেশ্যে ১৯৬৬ চনত ঢকুৱাখনাত স্থাপন কৰা হৈছিল এই ৰেচম গৱেষণা কেন্দ্ৰটো । গৱেষণাৰ জৰিয়তে ঢকুৱাখানা ৰেচম কেন্দ্ৰই ঢকুৱাখানাৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পলু পালক সকলক উন্নত মানৰ সঁচ চিনাক্তকৰণৰ সমান্তৰালভাৱে পলুৰ মাজত দেখা দিয়া অচিন ৰোগ নিৰাময়ৰ উপায় দিছিল । কিন্তু বিগত দুই দশকৰো অধিক কালৰ পৰা বন্ধ হৈ আছে গৱেষণাৰ কাম-কাজ । কেন্দ্ৰটোৰ প্ৰথম গৰাকী বিষয়া-গৱেষকৰ অৱসৰ গ্ৰহণৰ পাচত নিযুক্তি দিয়া নাই কোনো বিষয়া তথা গৱেষকক । ইপিনে মেৰামতি আৰু যতনৰ অভাৱত উৱলি যোৱা গৱেষণা কেন্দ্ৰৰ গৃহ আৰু গৱেষণা সামগ্ৰীৰ ৰখীয়া হৈ আছে মাত্র পাঁচ জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী । শেহতীয়াকৈ ঢকুৱাখানাৰ মুগা সঁচ উন্নয়ন প্ৰকল্পৰ সম্প্ৰসাৰণ বিষয়া প্ৰদীপ মিশ্ৰই কেন্দ্ৰ টোৰ চোৱা-চিতাৰ দায়িত্ব লৈছে ৷
ইফালে ঢকুৱাখনাত পলুৰ মাজত সঘনাই দেখা দিয়া অচিন ৰোগে পলু পালক সকলৰ মাজত প্ৰত্যাহ্বান হিচাপে দেখা দিয়াৰ পাচতো বিষয়টোৰ ওপৰত সদায় উদাসীনতা প্ৰকাশ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে বিধায়ক তথা মন্ত্ৰী নৱ দলেৰ ওপৰত । আনহাতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখানাটো ঘৰে ঘৰে গঢ়ি উঠা ক্ষুদ্র চাহ বাগান সমূহে ঢকুৱাখানাৰ মুগা খেতিলৈ কঢ়িয়াই আনিছে প্ৰত্যাহ্বান। কাৰণ চাহ খেতিয়ক সকলে বাগানত প্ৰয়োগ কৰা অপতৃণ নাশকৰ বাবে মুগা পলুৰ মাজত দেখা দিয়া বিপৰ্যয়ৰফলত পলু পালক সকলে লোকচানৰ সন্মুখীন হয় । এনে সময়ত ৰেচম গৱেষণা কেন্দ্ৰৰ দৰে এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ সক্ৰিয় হৈ থকাটো প্ৰয়োজন। সেয়ে ঢকুৱাখনাৰ ৰেচম ক্ষেত্ৰ খনৰ স্বাৰ্থত এই কেন্দ্ৰটো পুনৰুজ্জীৱিত কৰাৰ দাবী তুলিছে ঢকুৱাখানাৰ সচেতন মহলে ৷