অসম

assam

ETV Bharat / state

চিচি টেকেলিফুটা মথাউৰিলৈ আহিছে ভয়াৱহ বিপদ! - জলসম্পদ বিভাগ

কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰূপায়ণৰ নামত আৰম্ভ কৰা লুণ্ঠনে চিচি টেকেলিফুটা মথাউৰিলৈ কঢ়িয়াই আনিছে ভয়াৱহ বিপদৰ অশনি সংকেত ।

চিচি টেকেলিফুটা মথাউৰিলৈ আহিছে ভয়াৱহ বিপদ

By

Published : Aug 5, 2019, 1:05 PM IST

ঢকুৱাখনা, 5 আগষ্টঃ ৰাজ্যৰ জলসম্পদ বিভাগৰ দুৰ্বল স্থিতিৰ সুযোগ লৈ বাংগালুৰুৰৰ য়াজুকা ইণ্ডিয়া নামৰ কোম্পানীয়েটোৰ লেহেমিয়া কামে এতিয়া বিপদ মাতি আনিছে চিচি টেকেলিফুটা মথাউৰিলৈ ৷ বিধ্বস্ত মথাউৰি পৰিদৰ্শন-নিৰ্মাণক লৈ ৰাজ্য চৰকাৰৰ উদাসীন নীতিৰ বাবে পুনৰ ঢকুৱাখনা-মাজুলীৰ ভৌগলিক অস্তিত্বক নিঃচিহ্ন কৰি পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলেৰ ঘনিষ্ঠ ঠিকাদাৰে মিলি মথাউৰি নিৰ্মাণ আৰু খহনীয়া ৰোধৰ নামত অনিয়মৰ আশ্ৰয় লোৱাত এতিয়া চপৰা চপৰে খহিছে বৰলুইতৰ পাৰ। লুইতৰ বুকুত জাহ গৈছে জিঅ’ এপ্ৰন, জিঅ’ বেগ আৰু জিঅ’ মেট্ৰেছ। নিৰ্মীয়মান চিচি-টেকেলিফুটা মথাউৰীৰ ঢকুৱাখনাৰ মদাৰগুৰি অংশত এনেদৰে জিঅ’ এপ্ৰন,জিঅ’ বেগ আৰু জিঅ’ মেট্ৰেছ বৰলুইতৰ সামান্য বাঢ়নী পানীত উটি যোৱাত এতিয়া টোপনি হৰিছে ঢকুৱাখনাবাসীৰ।

চিচি টেকেলিফুটা মথাউৰিলৈ আহিছে ভয়াৱহ বিপদ

উল্লেখযোগ্য যে,ঢকুৱাখনা আৰু উজনি মাজুলীৰ সুৰক্ষা কৱচ হৈছে চিচি-টেকেলিফুটা মথাউৰি। এতিয়া এই মথাউৰিটো ভাগিলে ভয়াৱহ বানৰ কৱলত পৰিব ঢকুৱাখনা আৰু উজনি মাজুলীৰ বৃহৎ অংশ। পূৰ্বতে এই মথাউৰি ভাঙি যোৱাৰ ফলত বৰলুইতৰ বানে ঢকুৱাখনা আৰু উজনি মাজুলীৰ ভৌগলিক অস্তিত্বৰ পৰিকাঠামো সলনি কৰিছিল। সেয়ে কেন্দ্ৰীয় চৰকাৰৰ বান প্ৰৱন্ধন আঁচনিৰ অধীনত ১৫৫ কোটি টকা আৱণ্টন দি মথাউৰিটোত জিঅ’ টিউব,জিঅ’ এপ্ৰন,জিঅ’ মেট্ৰেচ,জিঅ’ মেট স্থাপন,ওখ,সৱলীকৰণ আৰু খহনীয়া ৰোধৰ বাবে ঠিকা দিয়া হৈছিল বাংগালুৰুৰ য়াজুকা ইণ্ডিয়া নামৰ এটা কোম্পানীক। বিগত চাৰি বছৰে কোম্পানীটোৰ লগতে স্থানীয় ঠিকাদাৰে অতি নিম্ন মানৰ কাম কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ইপিনে সময়মতে আৱন্টিত ধন আদায় নোপোৱাৰ অজুহাত দেখুৱাই কাম এৰি বহুবাৰ পলায়ন কৰিছে এই কোম্পানীটোৱে। এতিয়া মূল মথাউৰিৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত মদাৰগুৰি অংশত সৃষ্টি হোৱা এই প্ৰায় ১০০ মিটাৰ খহনীয়াত জিঅ’ টিউব,জিঅ’মেট্ৰেচ উটি যোৱা পৰিলক্ষিত হৈছে । মাত্ৰ এদিনৰ ভিতৰতে লুইতৰ বুকুত এনেদৰে জিঅ’ টিউব,জিঅ’ এপ্ৰন,জিঅ’ মেট্ৰেচ,জিঅ’ মেট জাহ যোৱাৰ দৃশ্যই আতংকিত কৰি তুলিছে নৈ পৰীয়া জনতাক।

বাহিৰাগত কোম্পানী য়াজুকা আৰু ঢকুৱাখনা জলসম্পদে মথাউৰী সুৰক্ষাৰ নামত কৰা লৰা-ধেমালিৰ ফলত বাৰিষাৰ বানে সংঘটিত কৰিব পৰা অনাকাংক্ষিত বিপদে আতংকিত কৰিছে ঢকুৱাখনাবাসীক। সেয়ে এতিয়া ক্ষোভত ঢকুৱাখনাৰ জনতাই মথাউৰিটো নিৰ্মাণৰ বেলিকা বিভাগক কোম্পানীটোৰ কাম কাজৰ ওপৰত নজৰ দিয়াৰ লগতে খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

ABOUT THE AUTHOR

...view details