অসম

assam

ETV Bharat / state

ঢকুৱাখনাত পৰম্পৰাগত খেল ধেমালী - Bihu

পহিলা বহাগৰ দিনা ঢকুৱাখনাৰ হিলৈদাৰী গাঁৱত অনুষ্ঠিত হয় পৰম্পৰাগত খেল ধেমালীৰ । ডেকাৰ পৰা বুঢ়ালৈ, জীয়াৰীৰ পৰা বোৱাৰীলৈ সকলো ওলাই আহিল এই খেল ধেমালীলৈ

ঢকুৱাখনাত ৰঙালীৰ ধেমালি

By

Published : Apr 15, 2019, 2:38 PM IST

ঢকুৱাখনা,15 এপ্ৰিলঃ আজি পহিলা বহাগৰ দিনটোত ৰাজ্যবাসী ৰঙালীৰ উচাহত মতলীয়া হোৱাৰ সময়তে ঢকুৱাখনা হিলৈদাৰী গাঁৱত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য । হিলৈদাৰী গাঁৱৰ লোকসকলে পুৱাৰ কাম কাজ সামৰি ওলাই আহিল মুকলি পথাৰলৈ। বহাগৰ প্ৰথম দিনটোত অতীজৰে পৰা গাঁওখনৰ লোকসকলে পৰম্পৰাগত খেল ধেমালীৰে আনন্দ উলাহ কৰে । আজিও প্ৰতিটো খেলৰ শেষত নগদ ধন আৰু অন্যান্য পুৰস্কাৰেৰে প্ৰতিযোগী সকলক পুৰস্কৃত কৰা হয় ৷ বহাগৰ পহিলা দিনটোত এইদৰে ঢকুৱাখনাৰ হিলৈদাৰী গাঁৱৰ ৰাইজ আহি পৰম্পৰাগত খেল ধেমালীৰ মাজেৰে ৰঙালীৰ ৰঙত বুৰ যায় ।

ঢকুৱাখনাত ৰঙালীৰ ধেমালি

ABOUT THE AUTHOR

...view details