ঢকুৱাখনা,২১ মে' : মহাপুৰুষজনাৰ অসম সৃষ্টি ভাওনা ৷ অসমীয়া সংস্কৃতিৰ গৌৰৱৰ প্ৰতীক এই ভাওনাকে জীয়াই ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে এগৰাকী শিল্পীয়ে ৷ ১৯৭১ চনৰ পৰাই ভাওনাৰ বাবে প্ৰয়োজনীয় সাজ-পাৰ প্ৰস্তুত কৰি ভাড়ালৈ যোগান ধৰি আহিছে ঢকুৱাখনাৰ উজনি জালভাৰীৰ ভোগেশ্বৰ ভৰালীয়ে নামৰ এইজন লোকে ৷ "ভৰালী পোছাক ভাণ্ডাৰ" নামেৰে ১৯৭১ চনতে ব্যৱসায় আৰম্ভ কৰি চাৰিটা দশকজুৰি সেই একেটা ব্যৱসায়ত জড়িত হৈ ভাওনা সংস্কৃতিৰ প্ৰতি অৱদান আগবঢ়াই আহিছে ৷
ভাওনাৰ আঁৰ কাপোৰৰ ঢকুৱাখনাৰ এগৰাকী শিল্পী - ভোগেশ্বৰ ভৰালী
৪৭ বছৰে ভাওনাৰ লগত ওত:প্ৰোতভাৱে জড়িত এগৰাকী শিল্পী কিন্তু তেওঁ ভাৱৰীয়া বা সূত্ৰধাৰ নহয়, নহয় তেওঁ গায়ন-বায়নো।
ঢকুৱাখনাৰ ভাওনাৰ লগত ওত: প্ৰোতভাৱে জড়িত এজন শিল্পী
ভাওনাৰ সাজ-পাৰ নিৰ্মাণৰ উপৰিও ভাওনাৰ চৰিত্ৰসমূহৰ ৰূপ সজ্জাৰো কাম কৰা এই শিল্পীগৰাকীয়ে বছৰৰ সকলো সময়তে সমানে উপাৰ্জন কৰিব নোৱাৰে যদিও মাঘ-ফাগুন মাহত আৰু ৰাস আৰু ভাওনাৰ সময়তহে উপাৰ্জন ভাল হয় বুলি জনায় ৷ কিন্তু শিল্পীগৰাকীয়ে এই ক্ষেত্ৰত কোনোধৰণৰ আক্ষেপ নকৰাকৈ চলাই গৈছে নিজৰ কাম-কাজ । আক্ষেপ মাত্ৰ এটাই যে আগৰ দৰে তেওঁ কাম কৰিব নোৱাৰে । বয়সে হেঙাৰ হৈ থিয় দিছে । কিন্তু তেওঁ হাৰ মনা নাই, বয়সকো প্ৰত্যাহ্বান জনাই প্ৰস্তুত কৰি আহিছে ভাওনাৰ সাজ-পাৰসমূহ ।
Last Updated : May 22, 2019, 12:15 PM IST