বিহপুৰীয়া,22 এপ্ৰিল:অসমৰ দেউৰী জনগোষ্ঠীয় লোকসকলৰ আজি ব’হাগ বিহু ৷ পৰম্পৰা অনুযায়ী ব’হাগ মাহৰ প্ৰথমটো বুধবাৰে দেউৰী জনগোষ্ঠীয় লোকসকলে পালন কৰে বিহুৰ উৰুকা ৷ লগতে বৃহস্পতিবাৰে পালন কৰে বিহু তথা দেউৰী জনগোষ্ঠীয় লোকসকলৰ মতে বহাগীয় বিচু বা ইবাঁকু বিচু ৷ ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ নাৰায়ণপুৰতো জনগোষ্ঠীটোৰ লোকসকলে অতি উলহ-মালহেৰে হেঁপাহৰ বিহুটি উদযাপন কৰিছে । মহামাৰী ক'ৰণা ভয়াৱহতাৰ মাজতে নাৰায়ণপুৰৰ কিনাপথাৰ, মাজৰ চাপৰি, পিছলা, জয়পুৰ, লংকাপুৰ, কাচিকতা দেউৰী গাঁৱৰ লগতে বৰদেউৰী গাঁৱৰ ৰাইজে উদযাপন কৰিছে বিহু ৷
বুধবাৰে উৰুকাৰ সন্ধিয়াৰ পৰা বৃহস্পতিবাৰে পুৱালৈকে গাঁৱৰ বৰপূজাৰীৰ ঘৰৰ চোতালত গাঁৱৰ ডেকা-গাভৰুসকলে বোকা বিহু মাৰি আনন্দ কৰাটো জনগোষ্ঠীটোৰ এক ঐতিহাসিক পৰম্পৰা । দেউৰী জনগোষ্ঠীয় লোকসকলৰ বাবে ই অতি প্ৰাচীন কালৰে পৰা চলি অহা এক কৃষি ভিত্তিক সাংস্কৃতিক মহোৎসৱ । জনগোষ্ঠীটোৰ লোকসকলে বিহুৰ দিনা পুৱা বিভিন্ন পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰাটোও আন এক পৰম্পৰা । এই উপলক্ষে পুৱা বয়োজ্যেষ্ঠসকলে ঘৰে ঘৰে চন্দ্ৰ সূৰ্যক সাক্ষী কৰি পূৰ্বপুৰুষক পূজা-অৰ্চনা কৰে ।