লখিমপুৰ, ১৬ জুলাই: ৰাজ্যত আঠ বছৰে নিযুক্তি নহ'ল বিভাগীয় প্ৰশিক্ষণপ্ৰাপ্ত সাত সহস্রাধিক নাৰ্ছৰ । বিগত ২০১৩ চনৰ পৰা ২০১৫ চনলৈ চৰকাৰী প্ৰশিক্ষণ সমাপ্ত কৰা ৰাজ্যৰ সাত সহস্রাধিক এ এন এম নাৰ্ছৰ আজিও নিযুক্তি নোহোৱাত ক্ষুব্ধ হৈছে এইসকল নাৰ্ছ ।
যি সময়ত ৰাজ্যখনত চৰকাৰে সঘনে নিযুক্তিৰ মেলাৰ কথা সগৌৰৱে ঘোষণা কৰি আহিছে সেই সময়ত এনেদৰে প্ৰশিক্ষণপ্ৰাপ্ত হাজাৰ হাজাৰ এএনএম নাৰ্ছে নিযুক্তি বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । এই সন্দৰ্ভত দেওবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত বঞ্চিত একাংশ নাৰ্ছে চৰকাৰৰ বিৰুদ্ধে প্ৰকাশ কৰিলে ক্ষোভ ।
চৰকাৰে বিভিন্ন বিভাগৰ লগতে স্বাস্থ্য বিভাগত শ শ নিযুক্তিৰ ব্যৱস্থা কৰাৰ বিপৰীতে তিনি বছৰীয়া চৰকাৰী প্ৰশিক্ষণ সমাপ্ত কৰা এইসকল এএনএমৰ নিযুক্তিৰ প্ৰতি পিঠি দিছে । এইসকল প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্ছে বিভিন্ন সময়ত চৰকাৰ, বিভাগৰ লগত যোগাযোগ কৰাৰ উপৰি সাক্ষাৎকাৰতো অৱৰ্তীৰ্ণ হৈছে যদিও নিযুক্তিৰ মুখ দেখা নাই । এই সন্দৰ্ভত দেওবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত বঞ্চিত একাংশ নাৰ্ছে আয়োজন কৰা এখন সংবাদমেলত তেওঁলোকৰ দুৰ্দশাৰ কথা প্ৰকাশ কৰে ।