লখিমপুৰ,১৫ অক্টোবৰ: ৰাজ্যৰ আন জিলাৰ দৰে শেহতীয়া কৈ লখিমপুৰ জিলাতো ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে । এই পৰ্যন্ত জিলাখনত এঘাৰজন লোক ডেংগু ৰোগত আক্রান্ত বুলি চিনাক্ত কৰা হৈছে । সৌভাগ্য ক্ৰমে জিলাখনত এই ৰোগত কোনো লোকৰ প্ৰাণহানি ঘটা নাই । জিলাখনত ডেংগুৰ লগতে জাপানীছ এনকেফেলাইটিছ ৰোগো ধৰা পৰিছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে । চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বৰ্তমান লৈকে জিলাখনত ২৪ জন লোক এই ৰোগত আক্রান্ত হৈছে ।
ইয়াৰে এজনৰ ইতিমধ্যে মৃত্যু ঘটিছে । জিলাখনত জাপানী এনকেফেলাইটিছ আৰু ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱৰ ৰোধ কৰিবলৈ স্বাস্থ্য বিভাগে তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । জ্বৰৰ লক্ষণ যুক্ত লোকৰ পৰা ৭১ হেজাৰ ১০ টা তেজৰ নমুনা পৰীক্ষাৰ বাবে সংগ্রহ কৰা হৈছে । এনে ৰোগত আক্রান্ত লোকৰ বসতি প্ৰধান এলেকাত ৪ হেজাৰ ৬১৬ খন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে । ৬০ খন গাঁৱত যন্ত্রৰে ধোৱা দিয়াৰ ব্যৱস্থা কৰা হৈছে ।