অসম

assam

ETV Bharat / state

Protest in Lakhimpur:স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তর্ভুক্তিৰ দাবীত উত্তাল লখিমপুৰ - All Assam Sonowal Kachari Students Union

মঙলবাৰে তিনিটাকৈ সংগঠনৰ প্ৰতিবাদত কঁপিল লখিমপুৰ । স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰাৰ দাবীত দেউৰী, সোণোৱাল কছাৰী আৰু ঠেঙাল যুৱ পৰিষদৰ যৌথ প্ৰতিবাদে লখিমপুৰক উত্তাল কৰি তোলে ।

Protest in Lakhimpur
তিনিটাকৈ সংগঠনৰ প্ৰতিবাদত কঁপিল লখিমপুৰ

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 5:27 PM IST

তিনিটাকৈ সংগঠনৰ প্ৰতিবাদত কঁপিল লখিমপুৰ

লখিমপুৰ,৩ অক্টোবৰঃ অৱস্থান ধৰ্মঘটেৰে ষষ্ঠ অনুসূচী প্ৰদানৰ দাবীত তিনিটাকৈ সংগঠনৰ প্ৰতিবাদত কঁপিল লখিমপুৰ । সদৌ অসম দেউৰী ছাত্র সন্থা,সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থা আৰু সদৌ অসম ঠেঙাল যুৱ পৰিষদে মঙলবাৰে লখিমপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ জনায় । দেউৰী, সোণোৱাল কছাৰী আৰু ঠেঙাল কছাৰী পৰিষদক ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰাৰ দাবীত সংগঠন কেইটাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

অসম চৰকাৰৰ লেই লেই চেই চেই, অসম চৰকাৰ হুচিয়াৰ, ন' এছ টি ন' ৰেষ্ট আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনকেইটাই । উক্ত প্ৰতিবাদস্থলীত ভৈয়াম জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্রী ডাঃ ৰণোজ পেগুৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰতিবাদকাৰী সকলে কয় যে তেওঁ কেৱল মিচিং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰাৰ প্ৰয়াস কৰিছে । কিন্তু এয়া হ'বলৈ দিয়া নহ'ব বুলি তেওঁলোকে সকীয়াই দিয়ে । মিচিং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰিলে আটাইকেইখন পৰিষদকে এই অনুসূচীত অন্তর্ভুক্ত কৰাৰ ব্যবস্থা কৰাৰ তেওঁলোকে দাবী জনায় ।

তেওঁলোকে পুনৰ কয় যে দেউৰী, সোণোৱাল কছাৰী আৰু ঠেঙাল কছাৰী জনগোষ্ঠী অধ্যুষিত অঞ্চল তথা স্বায়ত্তশাসিত পৰিষদক স্ব-গোষ্ঠীয় নামকৰণেৰে ষষ্ঠ অনুসূচীভুক্ত কৰিব লাগিব । অসমৰ আদিম ভূমিপুত্ৰ জনজাতি জনগোষ্ঠী দেউৰী, সোণোৱাল কছাৰী আৰু ঠেঙাল কছাৰীসকলে দীৰ্ঘকাল ধৰি ৰাজনৈতিক,অর্থনৈতিক আৰু সামাজিক সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবে জনগোষ্ঠীকেইটাৰ বসতি প্রধান অঞ্চলত দেউৰী স্বায়ত্তশাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আৰু ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদক স্ব-গোষ্ঠীয় নামকৰণেৰে সংবিধান প্ৰদত্ত ষষ্ঠ অনুসূচী প্ৰদান কৰাৰ দাবীত বহুবাৰ চৰকাৰৰ ওচৰত আবেদন কৰি থকা হৈছে যদিও আজি পর্যন্ত ইয়াৰ ফলপ্ৰসু সমাধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফলশ্ৰুতিত লাভ কৰা উক্ত পৰিষদসমূহে ষষ্ঠ অনুসূচীভুক্ত নোহোৱাত জনগোষ্ঠীকেইটাই বহু ন্যায্য় অধিকাৰৰ পৰা আজিও বঞ্চিত হৈ আহিছে ।

প্ৰতিবাদকাৰীসকলে কয় যে বিধায়িনী ক্ষমতাযুক্ত স্বায়ত্ত শাসিত পৰিষদ অবিহনে স্বায়ত্ত শাসন ব্যৱস্থাটোৱে জনসাধাৰণৰ প্ৰকৃত সুৰক্ষিত ভৱিষ্যত নিৰূপণ কৰি উন্নয়নৰ পথ প্ৰশস্ত কৰিব নোৱাৰে । আনহাতে,বড়ো জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলসমূহ ষষ্ঠ অনুসূচীভুক্ত হোৱাত বড়ো টেৰিটৰিয়েল ৰিজন (বি টিআৰ) ক্ষীপ্ৰতাৰে উন্নয়নমূলক কাম কৰিবলৈ সুযোগ পোৱাৰ লগতে সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰিবলৈ অধিকাৰ লাভ কৰিছে । তেনে প্ৰেক্ষাপটত একে ভৈয়াম জনজাতি দেউৰী, সোণোৱাল কছাৰী আৰু ঠেঙাল কছাৰী জনগোষ্ঠীক ষষ্ঠ অনুসূচীভুক্ত কৰি অনুৰূপ ধৰণেৰে স্ব-অধিকাৰ প্ৰদান কৰা উচিত । সেয়েহে দেউৰী,সোণোৱাল কছাৰী আৰু ঠেঙাল কছাৰী জনগোষ্ঠীক স্ব-গোষ্ঠীয় মর্যদা অক্ষুণ্ণ ৰাখি তিনিওখন স্বায়ত্তশাসিত পৰিষদক আন আন জনগোষ্ঠীয় ষষ্ঠ অনুসূচীভুক্ত অঞ্চলত অন্তৰ্ভুক্ত নকৰি দেউৰী, সোণোৱাল কছাৰী আৰু ঠেঙাল কছাৰী জনগোষ্ঠীক সুকীয়াকৈ সম্পুর্ণ স্ব গোষ্ঠীয় নামকৰণ আৰু মৰ্যদাৰে ভাৰতীয় সংবিধানৰ আধাৰত ষষ্ঠ অনুসূচীৰ শাসন প্ৰদান কৰিব লাগিব ।

ইয়াৰ অন্যথা ব্যাপক ৰূপত আন্দোলন গঢি তোলা হ'ব বুলি প্ৰতিবাদকাৰীসকলে সকীয়াই দিয়ে । তেনে প্ৰৱল আন্দোলনত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে তাৰ বাবে চৰকাৰখনেই জগৰীয়া হ'ব বুলি প্ৰতিবাদকাৰীসকলে সকীয়াই দিয়ে । প্ৰতিবাদৰ অন্তত তেওঁলোকে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ এই কাৰ্যসূচীত দেউৰী ছাত্র সন্থাৰ সভাপতি নিৰেণ দেউৰী, সম্পাদক তপন দেউৰী, সোণোৱাল কছাৰী ছাত্র সন্থাৰ সভাপতি দেবানন্দ চেলেং,সম্পাদক পৰীক্ষিত সোণোৱাল, ঠেঙাল কছাৰী সংগঠনৰ সভাপতি মাইনা মাধৱ কছাৰী, ঠেঙাল কছাৰী যুৱ পৰিষদৰ সভাপতি মানৱ জ্যোতি হাজৰিকা, দেউৰী সন্মিলনৰ সভাপতি ভদ্ৰকান্ত দেউৰী, সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সচিব প্ৰধান চন্দন সোণোৱাল, দেউৰী সন্মিলনৰ সভাপতি উচেন বাবু দেউৰী আৰু দেউৰী ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি বসন্ত দেউৰী, সম্পাদক বিদ্যা নন্দ দেউৰী উপস্থিত থাকে ।

লগতে পঢ়ক:ULFA I Executes Two Cadre: দুই কেডাৰক হত্যা কৰাৰ কাৰণ স্পষ্ট কৰিলে আলফা স্বাধীনে

ABOUT THE AUTHOR

...view details