লখিমপুৰ, ১২ আগষ্ট : কংগ্ৰেছৰ বিধায়কে বিজেপিত যোগদান কৰা বিষয়ক লৈ সম্প্ৰতি ৰাজ্যত বিশেষ চৰ্চা চলিছে । কংগ্ৰেছৰ বিধায়কে বিজেপিত যোগদান কৰিব বুলি মুকলিকৈ বিধায়ক প্ৰশান্ত ফুকনে দাবী কৰাৰ পাছতে বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে কংগ্ৰেছৰ বহু নেতাই তীব্ৰ সমালোচনা কৰিছে প্ৰশান্ত ফুকনক । এইবাৰ প্ৰদেশ কংগ্ৰেছৰ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিশেষ আহ্বান জনালে প্ৰশান্ত ফুকনক ।
বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিবলৈ প্ৰশান্ত ফুকনক আহ্বান জনালে দেৱব্ৰত শইকীয়াই (Debabrata Saikia urges Prashanta Phukan to join Congress)। দেৱব্ৰত শইকীয়াই প্ৰশান্ত ফুকনক সমালোচনা কৰি কয় যে বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনৰ ট্ৰেইনিং কম আছে, যাৰ বাবে তেওঁ আজিও মন্ত্রিত্ব পোৱা নাই । সেয়ে তেওঁক কংগ্রেছলৈ আহিবলৈ আহ্বান দেৱব্ৰত শইকীয়াৰ । কংগ্ৰেছত তেওঁক উপযুক্ত ট্ৰেইনিং দিয়া হ'ব বুলি শইকীয়াই কয়। ট্ৰেইনিঙৰ অভাৱৰ বাবে বিজেপিলৈ যোৱা বেছি সংখ্যক নেতাই মন্ত্রিত্ব পোৱাৰ বিপৰীতে প্ৰশান্ত ফুকনে মন্ত্ৰিত্বৰ পৰা বঞ্চিত হৈ আছে বুলি তেওঁ অভিযোগ কৰে ।