অসম

assam

By

Published : Jan 12, 2021, 8:49 PM IST

ETV Bharat / state

লক্ষীমপুৰৰ সাংবাদিকক বিশেষ উপহাৰ মুখ্য়মন্ত্ৰীৰ

লখিমপুৰৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক প্ৰদান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰেৰণ কৰে প্ৰীতি উপহাৰ । ৫৪ গৰাকী সাংবাদিকক উপহাৰসমূহ প্ৰদান কৰা হয় ।

লক্ষীমপুৰৰ সাংবাদিকক বিশেষ উপহাৰ মুখ্য়মন্ত্ৰীৰ
লক্ষীমপুৰৰ সাংবাদিকক বিশেষ উপহাৰ মুখ্য়মন্ত্ৰীৰ

লক্ষীমপুৰ ,১২ জানুৱাৰী : কৰ'ণা মহামাৰীৰ লগতে বিভিন্ন দুৰ্যোগৰ মূহুৰ্তত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সৰ্বসাধাৰণ ৰাইজৰ বাবে বাতৰি পৰিবেশন কৰি অহা সাংবাদিকসকলক সন্মান জনোৱাৰ উদ্দেশ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰেৰণ কৰে প্ৰীতি উপহাৰ । মঙলবাৰে লখিমপুৰৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক প্ৰদান হয় এই উপহাৰ । লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া কাৰ্যলয়ৰ সহযোগত উপায়ুক্ত কাৰ্যালয়ৰ সভাক্ষত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলাখনৰ ৫৪ গৰাকী সাংবাদিকক এই উপহাৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ।

লক্ষীমপুৰৰ সাংবাদিকক বিশেষ উপহাৰ মুখ্য়মন্ত্ৰীৰ

লখিমপুৰ জিলা উন্নয়ন আয়ুক্ত মনোজ বৰুৱা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েংগীয়াই পৰ্যায়ক্ৰমে জিলাখনৰ ঢকুৱাখানা, ঘিলামৰা, বগীনদী, লখিমপুৰ সদৰ, নাওবৈচা, লালুক, বিহপুৰীয়া, বান্দৰদেৱা আৰু নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ পৰা অহা ৫৪ গৰাকী সাংবাদিকক উপহাৰসমূহ প্ৰদান কৰে । উপহাৰ প্ৰদান কৰাৰ পিছত উন্নয়ন আয়ুক্ত মনোজ বৰুৱাই মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলৰ প্ৰতি দেখুওৱা মৰম তথা সন্মানক প্ৰসংশা কৰাৰ লগতে চৰকাৰে সাংবাদিকসকলক আৰু অধিক সহায় কৰিবলৈ তেওঁ আহ্বান জনায় । জিলা তথ্য আৰু জনসংযোগ বিষয়া গৰাকীয়েও চৰকাৰৰ এনে পদক্ষেপৰ শলাগ লয় ।

লগতে পঢ়ক :ফেশ্বন ডিজাইনিঙৰ জৰিয়তে স্বাৱলম্বীতাৰ সপোন দেখা এগৰাকী যুৱক

ABOUT THE AUTHOR

...view details