অসম

assam

ETV Bharat / state

আৰক্ষী চকীৰ কদৰ্য ৰূপঃ ছাদ ভাঙি আঘাতপ্ৰাপ্ত জোৱান

জৰাজীৰ্ণ হৈ পৰা বেৰেকৰ পুনৰ নিৰ্মাণৰ বাবে আৰক্ষীৰ শীৰ্ষ মহলে গ্ৰহণ কৰা নাছিল কোনো ব্যৱস্থা ৷ যাৰ ফলত আজি এইদৰে সুৰক্ষাত নিয়োজিত জোৱানসকল আঘাতপ্ৰাপ্ত হ'বলগীয়া হয় ৷

By

Published : Jun 1, 2019, 6:36 PM IST

আৰক্ষী চকীৰ কদৰ্য ৰূপঃ ছাদ ভাঙি আঘাতপ্ৰাপ্ত জোৱান

বিহপুৰীয়া, 1 জুনঃযিটো সময়ত আৰক্ষীৰ আধুনিকীকৰণৰ কথা বাৰাম্বাৰ উত্থাপিত হৈ আহিছে সেই সময়তে নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীত সংঘটিত এক দুৰ্ঘটনাই আৰক্ষীৰ আধুনিকীকৰণ ছবিখনকে প্ৰকট কৰিছে ৷

অধিক পঢ়কঃ জয়দ্বীপ হত্যাকাণ্ডৰ মূল অভিযুক্তক আটক

নাৰায়নপুৰ আৰক্ষী চকীত থকা বেৰেকত শনিবাৰে জিৰণি লৈ থকাৰ সময়তে আৰক্ষী জোৱানসকলৰ গাত বেৰেকৰ ছাদ ভাঙি পৰে ৷ ফলত দুজনকৈ জোৱান আহত হয় ৷ জৰাজীৰ্ণ হৈ পৰা বেৰেকৰ পুনৰ নিৰ্মাণৰ বাবে আৰক্ষীৰ শীৰ্ষ মহলে গ্ৰহণ কৰা নাছিল কোনো ব্যৱস্থা ৷ যাৰ ফলত আজি এইদৰে সুৰক্ষাত নিয়োজিত জোৱানসকল আঘাতপ্ৰাপ্ত হ'বলগীয়া হয় ৷ ভৱিষ্যতে বেৰেকৰ নিৰ্মাণকাৰ্য আৰম্ভ নকৰিলে যিকোনো মূহুৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে জোৱানসকলে ৷

আৰক্ষী চকীৰ কদৰ্য ৰূপঃ ছাদ ভাঙি আঘাতপ্ৰাপ্ত জোৱান

ABOUT THE AUTHOR

...view details