লখিমপুৰ, 14 আগষ্ট :মঙলবাৰে সমগ্ৰ দেশে উদযাপন কৰিব গৌৰৱোজ্জ্বল 77 সংখ্যক স্বাধীনতা দিৱস ৷ দেশৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ ৰাজ্যৰ চৌদিশে এতিয়া চলিছে দেশৰ 77 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি । আনকি স্বাধীনতা দিৱসৰ দিনা যাতে সকলো নাগৰিকে মুকলিকৈ ওলাই আহি সকলো কাৰ্যসূচীতে মুকলিকৈ অংশগ্ৰহণ কৰি দেশ প্ৰেমত উদ্বুদ্ধ হ’ব পাৰে, তাৰ বাবেও প্ৰস্তুতি চলোৱা হৈছে ।
তাৰেই অংশ হিচাপে দেওবাৰে লখিমপুৰত চিআৰপিএফ বাহিনীয়ে ৰাইজক লগত লৈ হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা সমদল বাহিৰ কৰে । জানিব পৰা মতে, লখিমপুৰত চৰকাৰীভাৱেও উদযাপন কৰা হ’ব এই দিৱসৰ কাৰ্যসূচী ৷ আনকি বিভিন্ন দল সংগঠনেও ৰাইজক উদ্বুদ্ধ কৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছে । এনে কাৰ্যসূচীত চামিল হৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীও ।
লখিমপুৰত দেওবাৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফএ ৰাইজক লগত লৈ হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা কাৰ্যসূচী হাতত লয় । লখিমপুৰ নগৰৰ সমীপৰ হাঁহচৰা শিবিৰত থকা C/30 বেটেলিয়ন, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱানে উত্তৰ লখিমপুৰৰ শান্তিপুৰ গাঁৱত উত্তৰ লখিমপুৰ অঞ্চলত পৰিদৰ্শক জি ডি বলোৰাম বৰাৰ অধ্যক্ষতাত এক সমদলৰ আয়োজন কৰে ৷ যাতে স্বাধীনতাৰ অমৃত মহোৎসৱৰ অধীনত ‘‘ঘৰে ঘৰে জাতীয় পতাকা’’ কাৰ্যসূচী সফল হয় ।