লখিমপুৰ,২২ জানুৱাৰী :লখিমপুৰত চাঞ্চল্যকৰ ঘটনা । আৰক্ষীৰ কঠোৰ বেষ্টনীৰ মাজৰ পৰাই পলায়ন দুৰ্ধৰ্ষ ডকাইতৰ । নিশা হাস্পতালৰ পৰা পলায়ন কৰিলে গেৰজাই ওৰফে ৰাজু বৰুৱা নামৰ অপৰাধীটো ।
উল্লেখ্য যে যোৱা বছৰ ২৪ ছেপ্টেম্বৰত ঢকুৱাখানাত আৰক্ষীয়ে এনকাউণ্টাৰৰ মাজত আটক কৰে গেৰজাইক । পৰৱৰ্তী সময়ত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল গেৰজাই । লখিমপুৰ জিলা কাৰাগাৰত ৰখা গেৰজাইক কিছুদিন পূৰ্বৰ পৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড ৱাৰ্ডত চিকিৎসা প্ৰদান কৰি থকা হৈছিল । কিন্তু তাৰ মাজতে নিশা ক'ভিড ৱাৰ্ডৰ পৰা পলায়ন কৰে ডকাইতটো (Criminal escape from LMCH)।