লখিমপুৰ, 31 আগষ্ট :সমাগত লোকসভা নির্বাচন । তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহো ৷ প্ৰস্তুত কৰিছে নিৰ্বাচনী ৰণকৌশল । নিৰ্বাচনক কেন্দ্র কৰি শাসক বিৰোধীৰ মাজত চলিছে না না জল্পনা-কল্পনা । শাসকীয় বিজেপি দলে যেনেদৰে পুনৰ ক্ষমতা লৈ অহাৰ কৌশল ৰচনা কৰিছে তাৰ বিপৰীতে বিৰোধী শিবিৰেও শাসকীয় দলটোক উৎখাত কৰাৰ ৰণনীতি প্ৰস্তুত কৰিছে । 28 বিভিন্ন বিৰোধী দল একগোট হৈছে । INDIA মিত্ৰজোঁটৰ অন্যতম অংশীদাৰী দল হ’ল চিপিআই ।
আকাশত চাং পাতিছে চি পি আইয়ে ৷ মিত্ৰতাই ‘ক’ কৰোতে সমষ্টি সমষ্টিৰ জল্পনা কল্পনা কৰি বহু দূৰ পালেগৈ বামপন্থী দলে ৷ চিপিআই দলে এটা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ সিদ্ধান্ত লৈছে । যোৱা ১৯ আৰু ২০ আগষ্টত গুৱাহাটীৰ ৰাজগড়ত অনুষ্ঠিত হোৱা চিপিআইৰ ৰাজ্যিক পৰিষদৰ সভাত এই সিদ্ধান্ত গ্রহণ কৰা হয় । দলৰ ৰাষ্ট্ৰীয় সম্পাদক পল্লৱ সেন গুপ্তসহ কেইবাজনো ৰাষ্ট্ৰীয় নেতাৰ উপস্থিতিত অনুষ্ঠিত সভাখনত লখিমপুৰ, কাজিৰঙা আৰু যোৰহাট এই তিনিটা সমষ্টিৰ ভিতৰত এটাত প্ৰতিদ্বন্দিতা কৰিবলৈ সিদ্ধান্ত লয় ।