লখিমপুৰ, ২৮ আগষ্ট:মূল্যবৃদ্ধিৰ বিৰুদ্ধে নিতৌ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হ’ব ধৰিছে । বিভিন্ন সংগঠনে বিভিন্ন পন্থাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । সকলো বয়-বস্তুৰ মূল্য বৃদ্ধিয়ে ৰাইজক কোঙা কৰি তোলাৰ বিপৰীতে চৰকাৰে ৰাইজক সকাহ দিয়াৰ বাবে লক্ষ্যণীয় ব্যবস্থা গ্রহণ কৰা নাই । ইয়াৰ বিপৰীতে একাংশ জনপ্ৰতিনিধিয়ে সময়ে সময়ে উপলুঙা মন্তব্যহে প্ৰকাশ কৰিছে । যাৰ বাবে ৰাইজৰ ক্ষোভ তুংগত উঠিছে । ইয়াৰ মাজতেই মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআইৰ প্ৰতিবাদত উত্তাল হৈ পৰিল লখিমপুৰ ।
ৰাজ্য চৰকাৰ, যোগান মন্ত্রীৰ বিৰুদ্ধেই নহয়,কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধেও চৰম ক্ষোভ প্রকাশ কৰিছে ৰাইজে । লখিমপুৰত সোমবাৰে তেনে প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰে চিপিআইৰ লখিমপুৰ জিলা সমিতিয়ে । দলৰ জিলা কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিয়াই আহি চিপিআইৰ প্ৰতিবাদকাৰী সকলে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে । মূল্যবৃদ্ধি ৰোধ কৰক,মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ হায় হায়,মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি শ্লোগানেৰে প্ৰতিবাদ কাৰীসকলে উত্তাল পৰিবেশৰ সৃষ্টি কৰে ।