লখিমপুৰ, 23 এপ্ৰিল : লক ডাউনৰ ফলত এতিয়া সমস্যাত কেৱল মানুহেই নহয়,গভীৰ খাদ্য সংকটত ভুগিছে গৰাকীবিহীন পশুধনো ৷ বিশেষকৈ চহৰাঞ্চলত থকা গৰাকী বিহীন গৰু-কুকুৰ আদিয়ে মানুহে পেলোৱা খাদ্যৰ অৱশিষ্ট বা পাচলিৰ বাকলি আদি খাই জীয়াই আছিল ৷ কিন্তু লক ডাউনৰ ফলত সকলো স্তব্ধ হৈ পৰাত এনে পশুধনৰ কাৰণে নোহোৱা হ'ল খাদ্য় ৷ তেনেক্ষেত্ৰত লখিমপুৰ নগৰৰ মাজ মজিয়াত ভোকাটোৰ গৰাকী বিহীন গৰুক এসপ্তাহে খাদ্য যোগান ধৰি আহিছে লখিমপুৰ জিলাৰ জনসেৱা নামৰ বেচকাৰী সংস্থাটোৱে।
লক ডাউনঃ গৰাকী বিহীন পশুধনক খাদ্য় বিতৰণ - খাদ্য যোগান
লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত খাদ্য বিচাৰি ঘূৰি ফুৰা পশুধনক খাদ্য যোগান ধৰিছে জনসেৱা নামৰ বেচকাৰী সংস্থাই ৷
লক ডাউনঃ গৰাকী বিহীন পশুধনক খাদ্য় বিতৰণ
লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত খাদ্য বিচাৰি ঘূৰি ফুৰা পশুধনক খাদ্য যোগান ধৰিছে সংস্থাটোৰ সদস্যই । খাদ্য সংকটত পৰা পশুধনক খাদ্য যোগান ধৰা সংস্থাটোৰ কাৰ্যক প্ৰশংসা কৰিছে সচেতন মহলে ।
লগতে পঢ়ক : কোভিড-19 : ধুবুৰীত আক্ৰান্তৰ সংখ্যা 5 জনলৈ বৃদ্ধি