লখিমপুৰ,১১ জুন:ৰাজ্যত চোৰাং গৰুৰ সৰবৰাহ যে অব্যাহত আছে এই ঘটনাই সেই কথা পুনৰ প্ৰতীয়মান কৰি তুলিছে । লখিমপুৰতে অবাধে চলি আছে গৰুৰ চোৰাং সৰবৰাহ ।ৰাজ্যৰ আন জিলাৰ লগতে লখিমপুৰতো গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে আৰক্ষীৰ স্থিতি অতি কঠোৰ(Police against smuggling of cattle ) । যাৰ বাবে প্ৰায়েই চোৰাং সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰা পৰিলক্ষিত হৈছে ।
শুকুৰবাৰে নিশাও আৰক্ষীয়ে গো-মাফিয়াৰ বিৰুদ্ধে চলাইছিল অভিযান । অভিযানত জালত পৰে দুটাকৈ চোৰাং গৰু সৰবৰাহকাৰী(Smugglers trapped by police including cattle in Lakhimpur) । দোভাগ নিশা অৰুণাচললৈ গৰু সৰবৰাহ কৰিবলৈ লওতেই সৰবৰাহকাৰীক দুটাক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । লখিমপুৰৰ বান্দৰদেৱাত আটক কৰে চোৰাং সৰবৰাহকাৰীকেইটাক ।