বিহপুৰীয়া, 13 আগষ্ট :একাংশ সংবাদ মাধ্যমৰ বাবেই বিহপুৰীয়াৰ এটা পৰিয়ালত লাগিছে জুই ৷ যাৰ ফলত ৰাজ্যৰ কেইটামান সংবাদ মাধ্যমৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল পৰিয়ালটো ৷ ঘটনা অনুসৰি আজিৰ পৰা এবছৰ পূৰ্বে বিহপুৰীয়াৰ জনৈক বৰা নামৰ এজন যুৱকৰ সৈতে হাৱাজানৰ জনৈক বৰুৱা নামৰ যুৱতীগৰাকী বিবাহপাশত আৱদ্ধ হৈছিল ৷
বিবাহৰ কিছুদিন পিচতেই মহিলগৰাকীৰ পূৰ্বৰ প্ৰেমিক তেজপুৰ জামুগুৰিৰ ঢলাই বিলৰ পিংকু শইকীয়াই Whats App যোগে ভাইৰেল কৰিছিল তেওঁৰ এটা অশ্লীল ভিডিঅ’ ৷ সেই ভিডিঅ’ পিংকুৱে Whats App যোগে প্ৰচাৰ কৰাৰ পিচতে ভিন্নজনৰ মোবাইলে মোবাইলে উপলব্ধ হৈছিল সেই ভিডিঅ'টো ৷
ইয়াৰ পিচতে ঘটনা সন্দৰ্ভত পিংকু শইকীয়াৰ বিৰুদ্ধে মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে সেই সময়তে বিহপুৰীয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল ৷ শেহতীয়াকৈ সেই ভিডিঅ'টোৰ আলম লৈয়ে অসমৰ একাংশ সংবাদমাধ্যমে মহিলাগৰাকীয়ে পৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি ব্যৱসায়ত নামিছে নেকি বুলি বাতৰি সম্প্ৰচাৰ কৰাৰ পিচতে হাহাকাৰ লাগে দুই স্বামী-স্ত্ৰীৰ লগতে পৰিয়ালবৰ্গৰ মাজত ৷