অসম

assam

ETV Bharat / state

আঁচনি থাকিও ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱা পানী - পানী যোগান আঁচনিত দুৰ্নীতি

ভূত বাংলাত পৰিণত নাৰায়ণপুৰৰ বুঢ়া-বুঢ়ী গ্ৰাম্য পানী যোগান আঁচনি ৷ দুবছৰ পূৰ্বে বিকল হৈ পৰি ৰৈছে আঁচনিখন ৷ বিশুদ্ধ খোৱা পানীৰ অভাৱত হাহাকাৰ কৰিব লগাত পৰিছে এতিয়া গাঁওবাসীয়ে ৷ যাৰ বাবে ক্ষোভিত এতিয়া নাৰায়ণপুৰবাসী ৷

Corruption on Water Supply Scheme at narayanpur
ধোঁৱাচাঙত পানী যোগান আঁচনি

By

Published : Jul 23, 2021, 8:22 AM IST

বিহপুৰীয়া, 22 জুলাই : ৰাজ্যৰ ভিন্ন স্থানত ধোঁৱাচাঙত উঠিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি । যিসময়ত ৰাজ্যৰ একাংশ অঞ্চলত ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ অভাৱত ভুগিব লগীয়া হৈছে, তেনে সময়তে কিন্তু বিকল হৈ পৰি ৰৈছে বহু পানী যোগান আঁচনি ৷ নাৰায়ণপুৰতো বন্ধ হৈ আছে ৰাইজৰ বাবে মুকলি কৰা এনে এখন পানী যোগান আঁচনি ৷

বিগত ২ বছৰ ধৰি বন্ধ হৈ আছে নাৰায়ণপুৰৰ বুঢ়া-বুঢ়ী গ্ৰাম্য পানী যোগান আঁচনিখন । এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে অঞ্চলটোৰ ৰাইজে । লখিমপুৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিহপুৰীয়া উপ-সংমণ্ডলৰ অধীনৰ বুঢ়া-বুঢ়ী গ্ৰাম্য পানী যোগান আঁচনিত এইবাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷

ধোঁৱাচাঙত পানী যোগান আঁচনি

পানী যোগান আঁচনিখন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাচত কেইবছৰমান পানী যোগান ধৰা হৈছিল অঞ্চলবাসীক ৷ কিন্তু বিগত ২ বছৰ ধৰি আঁচনিখন বন্ধ হৈ আছে ৷ যাৰ ফলত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ পৰিছে অঞ্চলটোৰ সহস্ৰাধিক ৰাইজ ৷

আনকি বিশুদ্ধ খোৱা পানীৰ অভাৱত অঞ্চলটোৰ ৰাইজ এতিয়া বিপাঙত পৰিছে ৷ কিয়নো অ-পৰিষ্কাৰ পানীৰ সেৱনৰ ফলত অঞ্চলটোৰ ৰাইজ বিভিন্নৰ ৰোগত আক্ৰান্ত হ’ব লগাত পৰিছে ৷ যি অঞ্চলটোৰ বাবে অশুভ লক্ষণ ৷

আনহাতে, পানী যোগান আচঁনিখন বন্ধ হৈ থকাত সম্প্ৰতি গৃহসমূহৰ লগতে জেনেৰেটৰকে ধৰি অন্যান্য সা-সঁজুলি সমূহ ধ্বংসস্তূপত পৰিণত হৈছে । এক প্ৰকাৰে ক’ব পাৰি যে, লাখটকীয়া আঁচনি এতিয়া ধ্বংসৰ গৰাহত ৷ কিন্তু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কাণষাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ৷

শীঘ্ৰেই পানী যোগান আঁচনিখন কাৰ্যক্ষম কৰি তোলাৰ দাবী তুলিছে অঞ্চলটোৰ ৰাইজে । আনহাতে, বিভাগটোৰ দায়ত্বজ্ঞানহীন কাণ্ডৰ ফলত বিহপুৰীয়া উপসংমণ্ডলৰ অধীনৰ এটা দুটা নহয় প্ৰায় অধিকাংশ পানী যোগান আঁচনিয়েই সম্প্ৰতি হাবি জংঘলেৰে ভৰি পৰি ভূত বাংলাত পৰিণত হৈছে । এই পানীযোগান আঁচনি সমূহ পুনৰ উজ্জীৱিত কৰাৰ বাবে মন্ত্ৰী যোগেন মহন আৰু বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে গঞা ৰাইজে ৷

লগতে পঢ়ক:আঢ়ৈ মাহৰ অন্তত মুকলি গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ'পৱে সেৱা

ABOUT THE AUTHOR

...view details